ড’নাল্ড ট্ৰাম্পৰ ঘোষণা : ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’লেই অবামা, কমলা হেৰিছ আদিৰ বিৰুদ্ধে হ’ব কঠোৰ

ড’নাল্ড ট্ৰাম্পৰ ঘোষণা : ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’লেই কঠোৰ হ’ব অবামা, কমলা হেৰিছ আদিৰ বিৰুদ্ধে

author-image
Asomiya Pratidin
New Update
ড’নাল্ড ট্ৰাম্পৰ ঘোষণা : ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’লেই অবামা, কমলা হেৰিছ আদিৰ বিৰুদ্ধে হ’ব কঠোৰ

ডিজিটেল ডেস্ক : আজিৰে পৰা মাৰ্কিন ৰাষ্ট্ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ পৰ্ব আৰম্ভ হৈছে। এইবাৰৰ নিৰ্বাচনত মূল প্ৰতিদ্বন্দ্বী হৈছে প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম আৰু উপ ৰাষ্ট্ৰপতি কমলা হেৰিছ। পিছে এই নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ আগেয়ে ড’নাল্ড ট্ৰাম্পে কৰা বিস্ফোৰক মন্তব্যই এতিয়া বিশ্বজুৰি সৃষ্টি কৰিছে চাঞ্চল্যৰ।

Advertisment

প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ৰিপাব্লিকানৰ প্ৰাৰ্থী ট্ৰাম্পে ঘোষণা কৰিছে যে তেঁও যদি এইবাৰ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়, তেন্তে তেঁও বিশ্বৰ কেইবাগৰাকী আগশাৰীৰ ব্যক্তিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিব। তেঁওৰ দৃষ্টিত আছে প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অবামা, কমলা হেৰিছ, ফেচবুকৰ সঞ্চালক মাৰ্ক জুকাৰবাৰ্গ আদি। তেঁওৰ দৃষ্টিৰ পৰা সাৰি যোৱা নাই জ’ বাইডেনৰ দৰে লোকো।

ড’নাল্ড ট্ৰাম্পে ইয়াকো কয় যে তেঁও উল্লেখ কৰা ব্যক্তিসকলৰ সৈতে তেওঁৰ কোনো ব্যক্তিগত শত্ৰুতা নাই। কিন্তু বিভিন্ন কাৰণত এওলোকৰ বিৰুদ্ধে ৰাষ্ট্ৰপতিৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতে তদন্ত চলাব।

আটাইকেইগৰাকীৰ বিৰুদ্ধে থকা অভিযোগ সন্দৰ্ভত পৃষ্ঠাই পৃষ্ঠাই খুচৰিব ড’নাল্ড ট্ৰাম্পে। আনকি গোচৰ ৰুজু কৰিবলৈও সাজু বুলি হুংকাৰ প্ৰদান কৰে প্ৰাক্তন ৰাষ্ট্ৰপতি তথা বৰ্তমান প্ৰাৰ্থী ট্ৰাম্পে। আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰাক্তন প্ৰতিনিধি লিজ’ চেনীৰ বিৰুদ্ধেও চলাব তদন্ত।

যিসকল ব্যক্তিৰ বিৰুদ্ধে ড’নাল্ড ট্ৰাম্পে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে, তেঁওলোক হৈছে-

  • কমলা হেৰিছ

  • জ’ বাইডেন

  • বাৰাক অবামা

  • লিজ’ চেনী

  • মাৰ্ক জুকাৰবাৰ্গ

  • এলভিন ব্ৰেগ

  • জেক স্মিথ

  • একাংশ নিৰ্বাচনী কৰ্মী

  • একাংশ প্ৰতিবাদকাৰী আৰু

  • বাওঁপন্থী আমেৰিকান।

ৰাষ্ট্ৰপতি পদ গ্ৰহণৰ পাছতে ড’নাল্ড ট্ৰাম্পে এইসকলৰ বিৰুদ্ধে তদন্ত তথা কঠোৰ স্থিতি গ্ৰহণ কৰিব। ট্ৰাম্পৰ এই ঘোষণাৰ পাছতে বিশ্বজুৰি চৰ্চা লাভ কৰিছে।

Also Read: কোন হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি ! আজি মাৰ্কিন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ

donald trump