চীনৰ "ষ্টেণ্ডাৰড মেপ"ত অৰুণাচল

অৰুণাচল প্ৰদেশৰ এটা অংশক সাঙুৰি চীনে প্ৰকাশ কৰিলে নতুন ভৌগোলিক মানচিত্ৰ।

author-image
Asomiya Pratidin
New Update
চীনৰ "ষ্টেণ্ডাৰড মেপ"ত অৰুণাচল

ডিজিটেল ডেস্কঃ অৰুণাচল প্ৰদেশৰ এটা অংশক সাঙুৰি চীনে প্ৰকাশ কৰিলে নতুন ভৌগোলিক মানচিত্ৰ। "ষ্টেণ্ডাৰড মেপ" নামেৰে প্ৰকাশ কৰা এই মানচিত্ৰই এতিয়া দেশত সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ। শেহতীয়াকৈ চুবুৰীয়া ৰাষ্ট্ৰ চীনৰ প্ৰাকৃতিক সম্পদ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় মানচিত্ৰ সজাগতা অভিযানৰ প্ৰচাৰৰ অংশ হিচাপে প্ৰকাশ কৰিছে মানচিত্ৰখন।

Advertisment

মানচিত্ৰখন প্ৰকাশৰ পাছতেই ভাৰতত বিশেষকৈ উত্তৰ-পূবত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। কিয়নো এই মানচিত্ৰখনত চীনৰ কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে সাঙুৰি লোৱা হৈছে অৰুণাচল প্ৰদেশৰ এটা অংশক। ইয়াৰ পূৰ্বেও বিগত এপ্ৰিল মাহত অৰুণাচলৰ ১১ টা অঞ্চলক নিজৰ শাসিনাধিস্থ এলেকা হিচাপে স্ব-ঘোষণ কৰি চীনে ঠাইসমূহৰ নতুন নামাকৰণ কৰিছিল। সমান্তৰালভাবে লাডাখৰ এটা অংশতো চীনে নিজৰ অধিকাৰ সাব্যস্ত কৰিছে।

উল্লেখ্য যে, জোহান্সবাৰ্গত সদ্য সমাপ্ত ১৫ সংখ্যক ব্ৰীকছ সন্মিলনিৰ পাছতেই চীনে এই মানচিত্ৰ প্ৰকাশ কৰাত দেশৰ একাংশই চীন-ভাৰতৰ সন্দৰ্ভত চীনৰ ৰাষ্ট্ৰপতিৰে ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীৰ আলোচনা হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। কিয়নো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জোহান্সবাৰ্গ ভ্ৰমণৰ পূৰ্বে চীনা ৰাষ্ট্ৰপতি জি জিংপিঙৰ সৈতে বৈঠকত বহাৰ সম্ভাৱনাৰ কথা প্ৰকাশ পাইছিল ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত। সেই আলোচনা গোপন কৰি ৰখাৰো সন্দেহ প্ৰকাশ কৰিছে একাংশই।

Also Read: আৰম্ভ হ'ব "ট্রেণ্ডছ প্রতিদিন টাইম টেলেণ্ট হাণ্ট ছিজন-২"ৰ অডিচন

china India-China Border Clash arunachal pradesh