আৰম্ভ হ'ব "ট্রেণ্ডছ প্রতিদিন টাইম টেলেণ্ট হাণ্ট ছিজন-২"ৰ অডিচন

আৰম্ভ হ'ব "ট্রেণ্ডছ প্রতিদিন টাইম টেলেণ্ট হাণ্ট ছিজন-২"ৰ অডিচন

author-image
Asomiya Pratidin
New Update
আৰম্ভ হ'ব "ট্রেণ্ডছ প্রতিদিন টাইম টেলেণ্ট হাণ্ট ছিজন-২"ৰ অডিচন

ডিজিটেল ডেস্কঃ বিগত বৰ্ষৰ বৃহৎ সফলতাৰ পিছত এই বৰ্ষতো প্ৰতিদিন টাইম আৰু টেণ্ডছৰ মহা আয়োজন "ট্রেণ্ডছ প্রতিদিন টাইম টেলেণ্ট হাণ্ট ছিজন-২"ৰ বাবে অনুষ্ঠিত হৈছে বাছনি প্ৰক্ৰিয়া। এইবাৰৰ এই বাছনি প্রক্রিয়া বুধবাৰে ডিব্ৰুগড়ৰ মাৰোৱাৰীপট্টীস্থিত ইণ্ডিয়া ক্লাব প্রেক্ষাগৃহত অনুষ্ঠিত হ'ব।

Advertisment

অহা ২, ৩ ছেপ্টেম্বৰত যোৰহাটৰ থিয়েটাৰ হলত, ৫,৬ ছেপ্টেম্বৰত নগাঁৱৰ নগাঁও ছোৱালী মহাবিদ্যালয়ত, ৯,১০ ছেপ্টেম্বৰত গুৱাহাটী কাহিলীপাৰাৰ জ্যোতি চিত্ৰবনত আৰু ১২, ১৩ ছেপ্টেম্বৰত বঙাইগাঁৱৰ বীনঝানা পাব্লিক লাইব্রেৰীত অনুষ্ঠিত কৰা হ'ব বাছনি প্ৰক্ৰিয়া।

বিগত বছৰৰ দৰে এইবাৰো নাচ, গান, অভিনয়, বাদ্যযন্ত্ৰ আৰু অন্যান্য পাৰদর্শিতাৰ শিতানত অনুষ্ঠিত কৰা হ'ব প্ৰতিযোগিতা। এইবাৰ প্ৰতিযোগিতাত বিচাৰকৰ আসনত থাকিব জনপ্রিয় অভিনেত্রী নিশিতা গোস্বামী, কণ্ঠশিল্পী ৰূপম ভূঞা, জনপ্রিয় নৃত্যশিল্পী মেঘৰঞ্জনী মেধি আৰু লগতে ঘোষক হিচাবে থাকিব অভিনেত্রী অমৃতা গগৈ।

উল্লেখ্য যে, প্রতিযোগিতাত সৰ্বমুঠ পুৰস্কাৰ থাকিব ৫ লাখ টকা। প্রতিযোগীসকল ষষ্ঠ শ্রেণীৰ পৰা দ্বাদশ শ্রেণীৰ ভিতৰত পঢ়ি থকা হ'ব লাগিব। ইচ্ছুক প্রতিযোগীয়ে নিকটতম টেগুছ ষ্ট'ৰৰ পৰা প্ৰ-পত্ৰ ল'ব পাৰিব। লগতে পোনপটীয়াকৈও অডিচনস্থলীত আহি প্রতিযোগীয়ে পঞ্জীয়ন কৰিব পাৰিব। অনুষ্ঠানটিৰ যোগযোগৰ নম্বৰ হ'ল ৬০০০৬-১০২৬৯, ৯৩৮৭০-৬৭০৯৪।

Also Read: ১৭ গাঁৱৰ যাতায়ত ব্যাহত কৰি ভদীয়া বানত উটি গ'ল দলং

pratidin time