শ্ৰীলংকাক আৰ্থিক সাহায্য প্ৰদানৰ আশ্বাস ভাৰতৰ

শ্ৰীলংকাক আৰ্থিক সাহায্য প্ৰদানৰ আশ্বাস ভাৰতৰ

ডিজিটেল ডেস্ক : সন্ত্ৰাসবাদ, ড্ৰাগছ, অৰ্থনৈতিক সংকটে জুৰুলা কৰি থৈ যোৱা এখন দেশ । এল টি টি ইৰ মুৰব্বী প্ৰভাকৰনৰ মৃত্যুৰ পাছত অৱশ্যে দেশখনত হ্ৰাস পাইছে সন্ত্ৰাসবাদৰ সমস্যা । কিন্তু ড্ৰাগছ আৰু অৰ্থনৈতিক সংকটে ধ্বংস কৰি পেলালে দেশখন । চীনৰ পৰা লোৱা ঋণৰ বৃহৎ বোজাৰ সন্মুখত নতশিৰ হৈ পৰা শ্ৰীলংকাত আৰম্ভ হ'ল গৃহযুদ্ধ । এই যুদ্ধৰ প্ৰকোপত দেশ এৰি পলায়ন কৰিব লগীয়া হ'ল ৰাষ্ট্ৰপতিয়ে ।

এতিয়া দেশখনলৈ অৰ্থনৈতিক সাহায্য প্ৰদানৰ আশ্বাস দিছে ভাৰতে । ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে শুক্ৰবাৰে মিলিত হয় দেশখনৰ শীৰ্ষ বিষয়া সকলৰ সৈতে আৰু এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটি প্ৰকাশ কৰে । অৱশ্যে এই অৰ্থনৈতিক সাহায্য চীনৰ দৰে ঋণৰ ৰূপত নহয় বৰং দেশখনত নতুন প্ৰতিষ্ঠান আৰু উদ্যোগত বিনিয়োগ কৰিব ভাৰতে । যাৰ ফলত পৰৱৰ্তী সময়ছোৱাত দুয়োখন দেশেই লাভৱান হ'ব এই স্থিতিৰ পৰা ।

শ্ৰীলংকাক বৰ্তমান প্ৰয়োজন ২.৯ বিলিয়ন ডলাৰৰ । এই ধনৰ বাবে অৱশ্যে শ্ৰীলংকাই ইতিমধ্যেই আবেদন কৰিছে আন্তৰ্জাতিক মুদ্ৰানিধিৰ ওচৰত । ইয়াৰ ওপৰিও চীন, জাপান আৰু ভাৰতকো সহায়ৰ বাবে আহ্বান জনাইছিল শ্ৰীলংকাই ।

উল্লেখ্য যে, দেশখনত গৃহযুদ্ধ আৰম্ভ হোৱাৰ সময়ৰ পৰাই ভাৰতে এতিয়ালৈকে ৪ বিলিয়ন ডলাৰৰ সাহায্য আগবঢ়াইছে দেশখনলৈ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in