বিশ্বত কৃত্ৰিম বুদ্ধিমত্তাৰ সোণালী যুগৰ আৰম্ভণি

বিশ্বত কৃত্ৰিম বুদ্ধিমত্তাৰ সোণালী যুগৰ আৰম্ভণি

ডিজিটেল ডেস্ক : মানৱজাতি কৃত্ৰিম বুদ্ধিমত্তা (এ আই)ৰ সোণালী যুগত উপনীত হৈছে বুলি তাৎপৰ্যপূৰ্ণ  মন্তব্য কৰিছে মাইক্ৰ'ছফট প্ৰতিষ্ঠানটোৰ অধ্যক্ষ তথা চি ই অ' সত্য নাডেলাই । এ আই প্ৰযুক্তিয়ে মানৱ জাতিৰ বাবে কাম আৰু ব্যৱসায়ৰ সমগ্ৰ ধাৰনাটোৱেই সলনি কৰি পেলাব বুলি তেওঁ উল্লেখ কৰিছে । ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত ৱৰ্ল্ড ইক'নমিক ফ'ৰামৰ বৈঠকত অংশগ্ৰহণ কৰি এনেদৰে মন্তব্য কৰে নাডেলাই ।

এই প্ৰযুক্তিয়ে মানুহৰ মাজৰ সংযোগ আৰু অধিক শক্তিশালী কৰিব বুলিও তেওঁ উল্লেখ কৰে । নাডেলাই প্ৰকাশ কৰা মতে মাইক্ৰছ'ফটে এ আই প্ৰযুক্তিৰ শেহতীয়া নিদৰ্শন চাট জিপিটিৰ দৰে চাটব'টৰ ব্যৱহাৰৰ বাবেও আগ্ৰহ প্ৰকাশ কৰিছে ।

এই সন্দৰ্ভত মাইক্ৰছ'ফটৰ মুৰব্বীগৰাকীয়ে কয় - মই ভাবো যে এনে প্ৰযুক্তিৰ সহায়ত মানুহে কম কষ্টত অধিক কাম কৰিবলৈ সক্ষম হ'ব ।

ইতিমধ্যে চাট জিপিটিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । মাত্ৰ ৫ দিনৰ ভিতৰতেই ১ নিযুততকৈ অধিক লোকে চাটব'টৰ ব্যৱহাৰ কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in