যুদ্ধৰ বিৰুদ্ধে মাত মতাৰ বাবেই ক‍াৰাদণ্ড ৮ বছৰৰ বাবে...

যুদ্ধৰ বিৰুদ্ধে মাত মতাৰ বাবেই ক‍াৰাদণ্ড ৮ বছৰৰ বাবে...

ডিজিটেল ডেস্ক : তৃতীয় বিশ্বযুদ্ধৰ আশংকাত ভূগিছে বিশ্ববাসী । যিকোনো মূহুৰ্ততেই আৰম্ভণি হ'ব পাৰে পাৰমাণৱিক অস্ত্ৰৰ ব্যৱহাৰৰ । তেনেস্থলত সমগ্ৰ বিশ্বত ধ্বংসৰ গৰাহত পৰিবলৈ প্ৰয়োজন হ'ব মাথো কেইটামান দিনৰ । কাৰণ কেৱল ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ । এই যুদ্ধৰ বাবে দায়ী কোনো সকলোৱে ইতিমধ্যে বুজি উঠিছে কিন্তু তথাপিও যেন আকোৰগোঁজ ৰাছিয়ান প্ৰশাসন । যাৰ বাবে ৰাছিয়াৰ ইউক্ৰেইন আগ্ৰাসনৰ বিৰুদ্ধে মাত মতাৰ বাবেই গ্ৰেপ্তাৰ কৰা হ'ল এগৰাকী লোকক । বিহা হ'ল ৮ বছৰৰ কাৰাদণ্ড ।

এই ব্যক্তি গৰাকী হ'ল সততেই ৰাছিয়ান চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে মাত মাতি অহা ইল্যা য়াশ্বিন । শাসনাধিষ্ঠ চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে মাত মতাৰ বাবেই এতিয়া যুদ্ধনীতিৰ অন্তৰালত ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত বন্দী ইল্যা য়াশ্বিন । তেখেতৰ ওপৰত জাপি দিয়া হ'ল 'যুদ্ধৰ ভুৱা বাতৰি' বিয়পোৱাৰ গোচৰ । ইল্যা য়াশ্বিনে এই অভিযোগ অস্বীকাৰ কৰিলেও ৰাছিয়াৰ এক আদালতে গোচৰৰ শুনানিত তেখেতক বিহে এই শাস্তি ।

উল্লেখ্য যে, বিগত সপ্তাহত য়াশ্বিনে তেখেতৰ ব্যক্তিগত ইউটিউব চেনেলৰ জৰিয়তে ৰাছিয়াই যুদ্ধৰ নামত নৃশংস ভাৱে হত্যা কৰা শ শ নাগৰিকৰ কথা উল্লেখ কৰিছিল । আনহাতে, ৰাছিয়াই প্ৰথমৰে পৰাই নিৰীহ নাগৰিকক কোনো ধৰণৰ অত্যাচাৰ নকৰাৰ প্ৰতিশ্ৰুতি দি আহিছিল । যাৰ বাবে ৰাছিয়াই এই সমগ্ৰ ঘটনাটিক ভুৱা আখ্যা দি গ্ৰেপ্তাৰ কৰে ইল্যাক । কেৱল সেইয়াই নহয়, বৰং ৰাছিয়ান সেনাৰ অত্যাচাৰত মৃত্যুবৰণ কৰা শ শ ইউক্ৰেনিয়ান নাগৰিকৰ মৃতদেহৰ ফটোবোৰো ভুৱা বুলি দাবী কৰে প্ৰশাসনে ।

অৱশ্যে বিবিচি ৰাছিয়াই জুলাই মাহতে ইল্যাৰ সৈতে লোৱা এটি সাক্ষাৎকাৰত আগন্তুক সময়ত কাৰাবন্দী হোৱাৰ কথা উল্লেখ কৰিছিল ইল্যাই । প্ৰশাসনে ইল্যাক দিছিল যুদ্ধৰ বিৰুদ্ধে মাত মতাৰ বাবে দুটা উপায় । দেশান্তৰ অতবা কাৰাবন্দী । ইল্যাই প্ৰশাসনৰ সেই ভাবুকিৰ প্ৰতি ভ্ৰূক্ষেপ নকৰি মাত মাতি গৈছিল যুদ্ধৰ ভয়াৱহতাৰ বিৰুদ্ধে । যাৰ বাবেই কাৰাবন্দী এতিয়া ইল্যা য়াশ্বিন ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in