জলবায়ু পৰিৱৰ্তনৰ প্ৰতি বুঢ়া আঙুলি প্ৰদৰ্শন কৰি অনুমতি লাভ কৰিলে ব্ৰিটেইনৰ কুম্ব্ৰিয়া কয়লাখনিয়ে...

জলবায়ু পৰিৱৰ্তনৰ প্ৰতি বুঢ়া আঙুলি প্ৰদৰ্শন কৰি অনুমতি লাভ কৰিলে ব্ৰিটেইনৰ কুম্ব্ৰিয়া কয়লাখনিয়ে...

ডিজিটেল ডেস্ক : চলিত বৰ্ষৰ নৱেম্বৰ মাহত অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলন । এই সন্মিলন খনিত নৱ নিযুক্ত ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী ঋষি চুনাকৰ যোগদানে চাঞ্চল্যৰ সৃষ্টি কৰিছিল সমগ্ৰ ব্ৰিটেইনত । কোনোৱে যদি এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছিল আন কোনোৱে আকৌ ঋষি চুনাকক পুতলা নাছৰ পুতলা আখ্যা দিছিল । সন্মিলনত অংশ গ্ৰহণ কৰিও অন্ত পৰা নাছিল ঋষি চুনাকৰ বিতৰ্কৰ । মঞ্চত ভাষণ প্ৰদান কৰি থকা অৱস্থাতে কোনো বিশেষ কাৰণত মঞ্চ ত্যাগ কৰিব লগীয়া হৈছিল প্ৰধান মন্ত্ৰী গৰাকীয়ে ।

কিন্তু এতিয়া আন এক বিতৰ্কই জোকাৰি গৈছে সমগ্ৰ বিশ্বক । প্ৰধান মন্ত্ৰী গৰাকীয়ে ৬ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ অনুষ্ঠিত জলবায়ু সন্মিলনত অংশগ্ৰহণ কৰাৰ পাছতেই কিদৰে ব্ৰিটেইনৰ মন্ত্ৰীসভাই সন্মতি প্ৰদান কৰিলে কুম্ব্ৰিয়া কয়লাখনিৰ বাবে ? প্ৰায় ৩০ বছৰ পাছত ব্ৰিটেইনত প্ৰথমবাৰৰ বাবে সন্মতি প্ৰদান কৰা হৈছিল এই কয়লাখনিটিৰ বাবে । কিন্তু ইয়াৰ সৈতেই জড়িত হৈ আছে বহু আনুসংগিক কিন্তু প্ৰাসংগিক কথা ।

ৰাছিয়া-ইউক্ৰেইন যুদ্ধই ৯ম মাহ স্পৰ্শ কৰাৰ পাছত সমগ্ৰ ইউৰোপতেই দেখা দিছিল চৰম শক্তি সংকটে । কেৱল জাৰ্মানীয়েই ৫৪ বিলিয়ন টকাৰ ৰাজ সাহায্য প্ৰদান কৰিব লগীয়া হৈছিল নাগৰিক সকলক এই শক্তি সংকটৰ বাবে ।

ব্ৰিটেইনে সম্ভৱত এই সংকটৰ ভৱিষ্যতৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখিয়েই সন্মতি প্ৰদান কৰিলে কুম্ব্ৰিয়া কয়লাখনিৰ বাবে ।

কিন্তু বৰ্তমানৰ জলবায়ু পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি এই কয়লাখনিটোক সন্মতি প্ৰদান কৰা কাৰ্যক লৈ এতিয়া তোলপাৰ  সমগ্ৰ বিশ্বত । ইয়াৰ ওপৰিও এই সমগ্ৰ ঘটনাই এতিয়া নতুন ৰূপ লোৱাৰ কাৰণটো হ'ল কয়লাখনিৰ পৰা উৎপাদিত কয়লাৰ ক্ৰেতা হিচাপে তালিকাত সন্নিৱিষ্ট কৰা হৈছিল ব্ৰিটিছ ষ্টীল আৰু টাটা । কিন্তু দুয়োটি উদ্যোগিক প্ৰতিষ্ঠানেই বৰ্তমানলৈ কয়লা ক্ৰয় কৰাৰ ক্ষেত্ৰত দেখুওৱা নাই কোনো উৎসাহ, তেনেস্থলত কাৰ বাবে এই কয়লাখনি ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in