যেতিয়া কলমৰ সলনি বন্দুক ধৰিব লগীয়া হয়...

যেতিয়া কলমৰ সলনি বন্দুক ধৰিব লগীয়া হয়...

ডিজিটেল ডেস্ক : সোণালী চুলিৰে, তিৰবিৰাই থকা এজোৰ চকুৰ সৈতে এখন ভাগৰুৱা মুখ দেখা গৈছিল ইউক্ৰেনিয়ান সেনাৰ ইউনিফৰ্মত । মুখমণ্ডলত সচৰাচৰ দেখা সেনাৰ কঠোৰতা নাছিল, যুদ্ধই ভাগৰুৱা কৰি থকা যেন হে লাগিছিল । তাৰ মাজতো কিন্তু এটা আশা আছিল যে এদিন যুদ্ধ শেষ হ'ব । হয়তো তেওঁৰ নতুন মনোবিজ্ঞানৰ কিতাপখনৰ সহায়তেই । এই গৰাকী ডেকা হ'ল ভ্লাড বেলিআভস্কী ।

বৰ্তমান ইউক্ৰেনিয়ান সেনাত নিয়োজিত এক যুৱক । পেছাত মনোবিজ্ঞানী তথা লিখক । বিগত এটা বছৰ ধৰি নিয়োজিত হৈ আছে সেনাত । ইউনাইটেড কিংডমৰ পৰা মনোবিজ্ঞানৰ ডিগ্ৰী লাভ কৰি নিয়োজিত হ'ব লগীয়া হ'ল সেনাত । অৱশ্যে সেই সন্দৰ্ভত কোনো দুখ নাই তেওঁৰ । দেশমাতৃৰ আহ্বান কিদৰে প্ৰত্যাখান কৰিব পাৰে বিপদত ? যি দেশে ইমান বছৰে কুশলে ৰাখিলে... এটাই মাথো আশা যে, বিগত এটা বছৰে যেন কাকো হত্যা কৰা নাই অজানিতে । তাৰ বাহিৰে তেওঁৰ হেৰুৱাবলৈ একো নাই । অৱশ্যে যিজনৰ কলমেৰে নিগৰে সৃষ্টি, সি কিদৰে ধ্বংস কৰিব পাৰে ?

তেখেতৰ প্ৰথম গ্ৰন্থ 'দা পিৰামিড মাইণ্ড'এ যুদ্ধ এদিন শেষ কৰিব বুলি আশাবাদী তেওঁ । ভ্লাডৰ মতে মানুহৰ মনবোৰক সঠিক ৰূপত প্ৰশিক্ষণ দিব পাৰিলে সকলোৱে শান্তিত থকাটো সম্ভৱ ।

প্ৰথমে যুদ্ধস্থলীত মোতায়েন কৰা হৈছিল যদিও বৰ্তমান চাইবাৰ চিকিউৰিটী দলত আছে ভ্লাড । বন্দুক চলোৱাতকৈ যেন শান্তিৰ কাম এইয়া । যুদ্ধত অৱতীৰ্ণ হোৱাৰ পূৰ্বে ভ্লাডৰ মনত হৈছিল প্ৰচণ্ড অন্তৰ্দন্দ । বন্দুক ধৰা মানেই তেওঁৰ সকলো বিশ্বাসৰ বিপৰীতে যোৱা, কিন্তু যুদ্ধত নোযোৱাতো তাতোকৈ ডাঙৰ সমস্যা ।

ভ্লাডৰ মতে এই যুদ্ধ সংঘটিত নহ'বলৈ বিশ্বৰ আগশাৰীৰ সকলো বুদ্ধিজীৱিয়েই চেষ্টা কৰিছিল কিন্তু আৰম্ভ হোৱাৰ পিছত বন্দুক ধৰা নধৰাৰ চিন্তাত থাকি লাভ নাই ।অতি শীঘ্ৰেই যুদ্ধ শেষ হোৱাটো বিচাৰে ভ্লাডে । এই যুদ্ধই কেৱল ধ্বংসৰ হে প্ৰতীক বহন কৰে । য'ত সৃষ্টি নাই, তাতে লিখকৰ কামো নাই ।

যেতিয়া কলমৰ সলনি বন্দুক ধৰিব লগীয়া হয়...
মৈৰাবাৰীত পুনৰ ৪৩৮ সক্ৰিয় চিম কাৰ্ডসহ গ্ৰেপ্তাৰ এজনক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in