এইবাৰ ফ্ৰীজত ওলাল ২৮ বছৰীয়া মডেলৰ মৃতদেহৰ টুকুৰা

এইবাৰ ফ্ৰীজত ওলাল ২৮ বছৰীয়া মডেলৰ মৃতদেহৰ টুকুৰা

ডিজিটেল ডেস্ক : সকলো ফালে কেৱল মৃত্যুৰ কিৰীলি । মানুহবোৰ ক্ৰমাৎ যেন পশুলৈ ৰূপান্তৰিত হৈছে সময়ৰ সোঁতত । এক বন্য উন্মাদনাত মত্ত এজাক লোক । কিন্তু এই সকল লোকৰ মানসিকতা সীমাবদ্ধ নহয় কোনো এক নিৰ্দিষ্ট অঞ্চলত । সকলো দিশেই বিস্তৃত এওঁলোকৰ পৰিসীমা । বিগত বৰ্ষত পোহৰলৈ আহিছিল ১৮ মে'ত নৃশংসভাৱে হত্যা কৰা শ্ৰদ্ধা ৱাকাৰৰ হত্যাকাণ্ড । প্ৰেমিকে হত্যা কৰি মৃতদেহটো টুকুৰা টুকুৰ কৰি ফ্ৰীজত থৈছিল কেইবাদিনো । তাৰ পাছতেই অনুৰূপ ঘটনা সংঘটিত হ'ল বহু কেইটা । যেন এক নতুন উপায় হে বিচাৰি পালে হত্যাকাৰীসকলে ।

হিংসা, হত্যাৰ ক্ষেত্ৰত পিছপৰি ৰোৱা অসমতো শেহতীয়াকৈ সংঘটিত হ'বলৈ লৈছে এনে ঘটনা । সমগ্ৰ ৰাজ্য জোকাৰি যোৱা বন্দনা কলিতাৰ কাণ্ডই প্ৰতিদিনেই লৈছে নতুন ৰূপ । অব্যাহত আছে তদন্ত ।

তাৰেই মাজতে এইবাৰ হংকঙৰ পৰা আহিল আন এক খবৰ । স্বামীয়ে হত্যা কৰি মৃতদেহৰ অংশ ফ্ৰীজত লুকুৱাই ৰাখিলে ২৮ বছৰীয়া এগৰাকী মডেলৰ । বিশ্বায়নৰ সময়ত যেন অপৰাধ সমূহো সম্প্ৰসাৰ হ'বলৈ ধৰিছে ।

উল্লেখ্য যে, হংকঙৰ ২৮ বছৰীয়া মডেল 'আবি চয়'ক বিগত বুধবাৰে অন্তিমবাৰৰ বাবে প্ৰত্যক্ষ কৰিছিল পূৰ্বৰ স্বামীৰ ভাতৃয়ে । তাৰ পাছতেই সন্ধানহীন হৈ আছিল মডেল গৰাকী । ৰবিবাৰে হংকং আৰক্ষীয়ে এখন গাঁৱত উদ্ধাৰ কৰে দুৰ্ভগীয়া আবি চয়ৰ শৰীৰৰ কিছু অংশ ।

আনহাতে, আৰক্ষীয়ে ইতিমধ্যে হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে পূৰ্বৰ স্বামীৰ ভাতৃ আৰু পিতৃ-মাতৃক । পলাতক অৱস্থাত আছে স্বামী । আৰক্ষীৰ অভিযোগ অনুসৰি, প্ৰথমাৱস্থাত আৰক্ষীৰ সন্মুখত মিছা ভাষ্য প্ৰদান কৰিছিল অভিযুক্ত কেইগৰাকীয়ে ।

এইবাৰ ফ্ৰীজত ওলাল ২৮ বছৰীয়া মডেলৰ মৃতদেহৰ টুকুৰা
আৰক্ষীয়ে এনকাউন্টাৰ কৰিলে কাক ? কেনাৰাম নে ডিম্বেশ্বৰ ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in