
ওদালগুৰিত আৰক্ষী-ডকাইতৰ সংঘৰ্ষৰ প্ৰসঙ্গ।
বৰ্তমানেও বিভ্ৰান্তি সমাপ্ত হোৱা নাই।
মৃতদেহৰ আৰত থকা প্ৰকৃত লোকজন সন্দৰ্ভত অব্যাহত বিতৰ্ক।
মৃতদেহটো কেনাৰামৰ নে ডিম্বেশ্বৰৰ? তাক লৈ ৰহস্য।
ঘটনা সন্দৰ্ভত আজি ওদালগুৰিত আৰক্ষীৰ সংবাদমেলৰ আয়োজন।
দিনৰ ১১ বজাত অনুষ্ঠিত হব সংবাদমেল।
জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এই সংবাদমেল।
সংবাদমেলত আৰক্ষীয়ে নতুন তথ্য প্ৰকাশ কৰাৰ সম্ভাৱনা।
ইফালে পূৰ্ৱৰ স্থিতিতে অটল কেনাৰাম-ডিম্বেশ্বৰৰ পৰিয়াল।
দুয়োটা পৰিয়ালে পৃথকে পৃথকে দাবী নিজৰ স্বামী বুলি।
বাক্সাৰ ডিম্বেশ্বৰৰ পৰিয়ালে কালিৰে পৰা বাহৰ পাতিছে ওদালগুৰিত।
নিশা আৰক্ষীৰ সৈতে বৈঠকতো মিলিত হৈছিল ডিম্বেশ্বৰৰ পৰিয়াল।
মৃতদেহ খন্দা সন্দৰ্ভত আৱেদন কৰিব সংশ্লিষ্ট কৰ্তৃপক্ষক।
যিকোনো প্ৰকাৰে মৃতদেহটো বিচাৰিছে ডিম্বেশ্বৰৰ পৰিয়ালে।