/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/a7c77aba-0717-46e1-a38c-7f93a7bc74d3/AP_FOR_WEB_himachal.jpg)
ডিজিটেল ডেস্কঃ হিমাচল প্ৰদেশত সংঘটিত হৈছে ডাৱৰ বিস্ফোৰণ ঘটনা। ৰাজ্যখনৰ চোলানৰ কাণ্ডাঘাট উপ সংমণ্ডলৰ জাদোন গাঁৱত সংঘটিত হয় এই ঘটনা। ঘটনাত প্ৰাণ হেৰুৱাইছে ৭জনকৈ লোকে। তদুপৰি বৰ্তমানেও সন্ধানহীন ৩জনকৈ লোক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/102dcf9b-7d09-4131-a124-dd7cef2caa89/F3dQerXbQAEV2p_.jpg)
কাণ্ডাঘাট প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনাৰ খবৰ অনুসৰি মৃত ৭জন লোকৰ মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে সন্ধানহীন কেইজনৰ খবৰ বৰ্তমানেও লাভ কৰা নাই। বিভাগটোৰ তথ্য অনুসৰি ঘটনাত দুটা ঘৰ আৰু এটা গোহালি সম্পূৰ্ণৰূপে ধ্বংস হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/140ad909-a5f9-473c-91ee-deaeee3e1fa4/F3dQfqtawAAk1df.jpg)
এই ঘটনাৰ পাছতেই হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং চুখুৱে প্ৰাণ হেৰুওৱা ৭জন লোকৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। তেওঁ টুইট যোগে জনাই যে-, "আমি বিভাগীয় কৰ্তৃপক্ষক এই ঘটনাত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সকলোধৰণৰ সম্ভৱপৰ সহায় আৰু সহযোগ কৰিবলৈ নিৰ্দেশ দিছো।"
Devastated to hear about the loss of 7 precious lives in the tragic cloud burst incident at Village Jadon, Dhawla Sub-Tehsil in Solan District. My heartfelt condolences go out to the grieving families. We share in your pain and sorrow during this difficult time. We have directed…
— Sukhvinder Singh Sukhu (@SukhuSukhvinder) August 14, 2023
উল্লেখ্য যে, ডাৱৰ বিস্ফোৰণ হ'ল কম সময়ত অত্যাধিক শিলাবৃষ্টি, ধুমুহা-গাজনিৰ ফলত সৃষ্টি হোৱা এক প্ৰাকৃতিক দুৰ্যোগ। এই দুৰ্যোগত বৰষুণৰ ঘনত্বৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগতে হঠাৎ আৰু খুব কম সময়ৰ ভিতৰত অত্যাধিক পৰিমাণৰ বৰষুণ হয়।
Also Read: স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বিলাসীপাৰাত গুলীচালনাৰ ঘটনা