স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বিলাসীপাৰাত গুলীচালনাৰ ঘটনা

বিলাসীপাৰাৰ ফুটুকীবাৰী শশাৰগাঁৱত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা।

author-image
Asomiya Pratidin
New Update
তিনিচুকীয়াত চাঞ্চল্যঃ স্বামীয়ে শিৰচ্ছেদ কৰিলে পত্নীক !

ডিজিটেল ডেস্কঃ বিলাসীপাৰাৰ ফুটুকীবাৰী শশাৰগাঁৱত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা। এই ঘটনাৰে জড়িত মূল অভিযুক্তসহ ৭জনকৈ লোকক আৰক্ষীয়ে ইতিমধ্যেই আটক কৰিছে। আৰক্ষী আৰু চি আৰ পি এফৰ যৌথ অভিযানত ঘটনাৰে জড়িত মূল অভিযুক্তকো আটক কৰিবলৈ সক্ষম হৈছে।

Advertisment

আটকাধীন আটক মূল অভিযুক্তজন হ'ল ৰফিকুল ইছলাম। আনহাতে আন কেইজন আটকাধীন হ'ল- নুৰ মহম্মদ আলী, ছাহাবুদ্দিন, মহম্মদ আলী, মেহবুব আলম, ৰিয়াজুল আৰু হামিদুল ইছলাম।

দীৰ্ঘদিন ধৰি সমগ্র অসমত সন্ত্রাসৰ সৃষ্টি কৰি আহিছিল মূল অভিযুক্ত ৰফিকুলে। যাৰ বাবে ৰফিকুলক গুলীয়াই হত্যা কৰাৰ দাবী স্থানীয় ৰাইজৰ। উল্লেখ্য যে, ধৃত ৰফিকুলে শনিবাৰে পিষ্টলৰে নন্দন নাথ নামৰ এজন লোকক মূৰত আঘাত কৰিছিল।

Also Read: ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত পেলনীয়া সামগ্ৰীৰ তলত উদ্ধাৰ মৃতদেহ...

bilashipara police