পাকিস্তানত হত্যা হঞ্জলা আদনানক: CRPF ৰ কনভয় আক্ৰমণৰ মাণ্ডাৰ মাইণ্ড আছিল তেওঁ

পাকিস্তানত হত্যা হঞ্জলা আদনানক: CRPF ৰ কনভয় আক্ৰমণৰ মাণ্ডাৰ মাইণ্ড আছিল তেওঁ

ডিজিটেল ডেস্কঃ পাকিস্তানত হত্যা ভাৰতৰ শত্ৰুক। লস্কৰ-ই-তৈয়বাৰ এগৰাকী শীৰ্ষ সন্ত্ৰাসবাদী আদনান আহমেদ ওৰফে হঞ্জলা আদনানক পাকিস্তানৰ কৰাচীত গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই।

হঞ্জলা ২০১৬ চনৰ পম্পোৰত চিআৰপিএফৰ কনভয়ত আক্ৰমণ কৰাৰ মাষ্টাৰ মাইণ্ড আছিল। এই আক্ৰমণত ৮ গৰাকী জোৱান শ্বহীদ হোৱাৰ লগতে ২২ গৰাকী আহত হৈছিল।

কেৱল ইমানেই নহয়, ২০১৫ চনৰ উধমপুৰত বিএছএফৰ কনভয়ত আক্ৰমণ চলিছিল। এই আক্ৰমণত ২ গৰাকী জোৱান শ্বহীদ হোৱাৰ লগতে ১৩ গৰাকী আহত হৈছিল। এই আক্ৰমণৰো মাষ্টাৰ মাইণ্ড আছিল তেওঁ। এই ঘটনা সন্দৰ্ভত ২০১৫ চনৰ ৬ আগষ্টত নিয়াই চাৰ্জশ্বিট দাখিল কৰিছিল। এই দুয়োটা আক্ৰমণৰ ঘটনাত হঞ্জলাই পাকিস্তানত বহি বহিয়েই সন্ত্ৰাসবাদী সকলক নিৰ্দেশ দিছিল।

হঞ্জলাৰ মৃত্যু লস্কৰৰ অধ্যক্ষ হাফিচ চৈয়দৰ বাবে এক ডাঙৰ লোকচান। হঞ্জলা অতিকৈ ঘনিষ্ঠ আছিল হাফিজৰ। ২-৩ ডিচেম্বৰৰ নিশা হঞ্জলা আদনানক চেফ হাউচৰ বাহিৰত কোনো অজ্ঞাতে লোকে ৪ টাকৈ গুলী মাৰিছিল। জানিব পৰা মতে গুলী লগাৰ পাছত পাকিস্তানী সেনাই তেওঁক হাস্পাতালত ভৰ্তি কৰাইছিল। আৰু ৫ ডিচেম্বৰত তেওঁৰ মৃত্যু হয়। উল্লেখ্য যে, হঞ্জালাই কিছুদিন পূৰ্বে কৰাচীলৈ আহিছিল।

পাকিস্তানত হত্যা হঞ্জলা আদনানক: CRPF ৰ কনভয় আক্ৰমণৰ মাণ্ডাৰ মাইণ্ড আছিল তেওঁ
নিৰ্বাচনত জয়ী হোৱাৰ পাছতেই বিজেপিৰ ১০ নেতাৰ সাংসদ পদ ত্যাগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in