নিৰ্বাচনত জয়ী হোৱাৰ পাছতেই বিজেপিৰ ১০ নেতাৰ সাংসদ পদ ত্যাগ

নিৰ্বাচনত জয়ী হোৱাৰ পাছতেই বিজেপিৰ ১০ নেতাৰ সাংসদ পদ ত্যাগ

ডিজিটেল ডেস্কঃ পদত্যাগ কৰিলে বিজেপিৰ ১০ সাংসদে। দেশৰ ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছতেই বিজেপিৰ ১০ গৰাকী সাংসদে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ হাতত পদত্যাগ পত্ৰ অৰ্পন কৰে। অৱশ্যে বিধায়ক হৈ থাকিব তেওঁলোক।

পদত্যাগ কৰা সাংসদসকল হৈছে ছত্তিশগড়ৰ গোমতী চাই, নৰেন্দ্ৰ সিং তোমাৰ, ৰাকেশ সিং, প্ৰহ্লাদ পেটেল, ৰিতি পাঠক আৰু মধ্য প্ৰদেশৰ উদয় প্ৰতাপ সিং,ৰাজস্থানৰ সাংসদ দিয়া কুমাৰী, ৰাজ্যবৰ্ধন ৰাঠৌৰ আৰু কিৰোৰী লাল মীনাই।

পদত্যাগ কৰা ১০ গৰাকী সাংসদৰ ভিতৰত ৫ গৰাকী মধ্য প্ৰদেশ, ৩ গৰাকী ৰাজস্থান আৰু ২ গৰাকী চত্তিশগড়ৰ।

বিজেপিয়ে বিধানসভা নিৰ্বাচনত ২১ জন সাংসদক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। ইয়াৰ ভিতৰত ১২ জন জয়ী হোৱাৰ লগতে ৯ জন পৰাজয় হৈছিল।নিৰ্বাচনত জয়ী হোৱা ১০ জন বিধায়কে আজি লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে। নিৰ্বাচনত জয়ী হোৱা আন দুজন সাংসদ বাবা বালকনাথ আৰু ৰেণুকা সিঙ।

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই এই দলটোক প্ৰতিনিধিত্ব কৰে বুলি জানিব পৰা গৈছে।

নিৰ্বাচনত জয়ী হোৱাৰ পাছতেই বিজেপিৰ ১০ নেতাৰ সাংসদ পদ ত্যাগ
ৰাজ্যত হ্ৰাস পাইছে অপৰাধজনিত ঘটনাঃ এনচিআৰবি তথ্য

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in