/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/9e0e8f48-ff7a-44f6-b132-42103b7cacf3/3.jpg)
ডিজিটেল সংবাদ, ঢাকাঃ বাংলাদেশৰ উপকূলীয় পৰ্যটন জিলা কক্স বজাৰত ‘হামুন’ ঘূৰ্ণীবতাহে চলাইছে তাণ্ডৱ। ‘হামুন’ ঘূৰ্ণীবতাহৰ ফলত উপকূলীয় অঞ্চলটোৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে এই পৰ্যন্ত মৃত্যু হৈছে ৩ জন লোকৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/2583e72b-a684-4e7e-be47-af546cac7486/00ec5ff2_1828_4334_a370_4b331734e615.jpg)
মঙলবাৰে সন্ধিয়া প্ৰায় ৭ বজাৰ পৰা ‘হামুন’ ঘূৰ্ণীবতাহে উপকূলীয় অঞ্চলটো পাৰ হ’বলৈ আৰম্ভ কৰাৰ পিছতে কক্স বজাৰৰ বিভিন্ন ঠাইত বহুকেইটা ঘৰ আৰু বিদ্যুতৰ খুঁটা ভাঙি যায়। সন্ধিয়াৰ পৰা বতাহৰ গতি বৃদ্ধিৰ হোৱাৰ ফলত অঞ্চলটোৰ বহুতো ঘৰ আৰু দোকান বতাহত উৰি যোৱাৰ উপক্ৰম হয়। লগতে বহুতো ডাঙৰ ডাঙৰ গছো এই বতাহৰ ফলত উভালি পৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/cd7803ac-c862-462c-8eee-c53be135eedd/5adf0c5f_2fe5_42b5_bb19_74c34d98d328.jpg)
কক্স বজাৰৰ অতিৰিক্ত উপ আয়ুক্ত বিভিষণ কান্তি দাসে জনোৱা মতে, এই পৰ্যন্ত ‘হামুন’ৰ তাণ্ডৱৰ ফলত ৩জন লোকৰ মৃত্যু হৈছে। ইয়াৰে পৌৰসভা এলেকাত এজন, মহেশখালিত এজন আৰু চকৰীয়াত এজনৰ মৃত্যু হৈছে। ঘূৰ্ণীবতাহ ‘হামুন’ৰ প্ৰভাৱত প্ৰচণ্ড বতাহৰ ফলত দেৱাল আৰু গছবোৰ ভাঙি পৰাৰ ফলত লোক কেইজনৰ মৃত্যু হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/ff3d8322-6bb4-435e-8247-0f217e454613/8f2481d3_0cc8_48a1_93bf_33e29218adc0.jpg)
কক্স বজাৰ পৌৰসভাৰ মেয়ৰ মাহবুবৰ ৰহমান চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, মঙলবাৰে নিশা পৌৰসভাৰ ৭ নম্বৰ ৱাৰ্ডৰ পাহাৰতলী অঞ্চলত অৰ্ধপকী ঘৰৰ দেৱাল ভাঙি আব্দুল খালেক (৪০) নামৰ এজন ব্যক্তিৰ মৃত্যু হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/b16a5394-1f4c-49b2-a8dc-73e733b889fe/b380d184_0e8b_4b4f_85c1_4b18dfc11491.jpg)
আনহাতে মহেশখালী উপজিলাৰ স্বাস্থ্য বিষয়া মাহফুজুল হকে জনোৱা মতে, বাৰা মহেশখালি ইউনিয়নত মঙলবাৰে নিশা ঘৰৰ সন্মুখত গছ ভাঙি পৰাত হৰধন দে (৪৫) নামৰ এজন ব্যক্তিৰ মৃত্যু হয়। মূৰত আঘাত পোৱাৰ পাছত চিকিৎসালয়লৈ নিয়াৰ পূৰ্বেই হৰধন দেৰ মৃত্যু হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/19035fa9-b50b-4fdf-b1df-0d9d5e0f411d/48b78b8c_8e9a_43af_a5da_162690f0babd.jpg)
Also Read: প্ৰতিবাদ: বিদুৎ বিভাগৰ কাৰ্যালয়ত এৰি দিলে ঘৰিয়াল...