প্ৰতিবাদ: বিদুৎ বিভাগৰ কাৰ্যালয়ত এৰি দিলে ঘৰিয়াল...

প্ৰতিবাদ: বিদুৎ বিভাগৰ কাৰ্যালয়ত এৰি দিলে ঘৰিয়াল...

ডিজিটেল ডেস্কঃ ভাৰতবৰ্ষত প্ৰতিবাদ কৰাটো এক গণতান্ত্ৰিক অধিকাৰ। নিজৰ প্ৰাপ্য প্ৰাপ্তিৰ বাবেই হওঁক বা দেশৰ হকেই হওঁক অথবা দুৰ্নীতি, দুষ্কৃতি, বিৰোধীৰ বিৰুদ্ধেই হওঁক প্ৰায় প্ৰতিদিনেই বিভিন্ন কাৰণত দেশৰ কৰবাত নহয় কৰবাত চলে প্ৰতিবাদ। প্ৰতিবাদীকাৰী সকলেও নিজৰ দাবী অথবা প্ৰয়োজন দেশৰ শাসনকৰ্তাসকলৰ কাণত পেলাবলৈ প্ৰয়োগ কৰে বিভিন্ন পন্থা। কোনোবাই যদি সমূহীয়া মূণ্ডন কৰে, কোনোবাই কলপাত পৰিধান কৰি কৰে প্ৰতিবাদ। কোনো কোনোৱে আকৌ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আলু-পিয়াজৰ মালা পিন্ধি অথবা শোচনীয় বিদ্যুৎ যোগানৰ বিৰুদ্ধে বিধানসভাত লেম আৰু বিচনী আনিও কৰিছে প্ৰতিবাদ।

এইবাৰ কৰ্ণাটকত কৃষকসকলে অনিয়মিত বিদ্যুৎ কৰ্তনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গ্ৰহণ কৰিলে হাতত ল'লে এক আচ্যৰ্যকৰ পন্থা। কৰ্ণাটকত চলি থকা বিদ্যুৎ সংকটৰ বাবে বৃদ্ধি পাইছে অনিয়মিত বিদ্যুৎ কৰ্তন। ৰাজ্যখনৰ কৃষকসকলে এই অনিয়মিত বিদ্যুৎ কৰ্তনৰ বিৰুদ্ধে প্ৰতিবাদত সাব্যস্ত কৰিবলৈ চৰকাৰী হুবলী বিদ্যুৎ যোগান কোম্পানীৰ কাৰ্যালয়লৈ লৈ যায় এটা ঘৰিয়াল।

ঘটনাৰ বিৱৰণ অনুসৰি, যোৱা সপ্তাহত দিনৰ ভাগত বিদ্যুৎযোগান বন্ধ থকাৰ বাবে মাজনিশা বিদ্যুৎ যোগান পুনৰ ঘূৰাই পোৱাৰ পিছত এজন কৃষকে নিজৰ খেতিপথাৰত পানী দিবলৈ যাওঁতে নিজৰ পথাৰত এটা ঘৰিয়াল দেখা পাইছিল।

ইয়াৰ পিছতে কৃষকজনে গাঁৱৰ সহযোগী কৃষকসকলক খবৰ কৰে। তাৰ পিছত তেওঁৰ সহযোগী কৃষকসকল আহি খেতিপথাৰত বিচৰণ কৰি থকা ঘৰিয়ালটোক ধৰি ১৯ অক্টোবৰত হুবলী বিদ্যুৎ যোগান কোম্পানী কাৰ্যালয়লৈ লৈ যায় প্ৰতিবাদ সাব্যস্ত কৰে।

ইয়াৰ দ্বাৰা কৃষকসকলে দিনৰ ভাগত বিদ্যুৎ যোগান বন্ধ কৰি থোৱাৰ ফলত তেওঁলোকৰ জীৱন যে বিপদাপন্ন হৈছে তাকে প্ৰতিফলিত কৰিব বিছাৰিছে বুলি কৃষকসকলে সংশ্লিষ্ট কৰ্তপক্ষক অৱগত কৰে।

পৰৱৰ্তী সময়তক হুবলী বিদ্যুৎ যোগান কোম্পানীৰ বিষয়াসকলে আৰক্ষী আৰু বন বিষয়াক খবৰ দি ঘৰিয়ালটো কাৰ্যালয়ৰ পৰা লৈ যোৱাৰ ব্যৱস্থা কৰে। পৰৱৰ্বতী সময়ত বন বিষয়াসকলে ঘৰিয়ালটো আলমাট্টি বান্ধত মুকলি কৰি দিয়ে।

ইয়াৰ পিছতে হুবলী বিদ্যুৎ যোগান কোম্পানীৰ বিষয়াসকলে গাঁওবাসীক আশ্বাস দিয়ে যে দিনৰ ভাগত যাতে কোনো ধৰণৰ বিদ্যুৎ কৰ্তন নহয় তাৰ প্ৰতি তেওঁলোকে লক্ষ্য ৰাখিব।

জলসিঞ্চন বিভাগৰ বিষয়াসকলৰ মতে, এই বছৰ কম বৰষুণৰ ফলত কৃষি কাৰ্যকলাপ ব্যাহত হৈছে। জলসিঞ্চনৰ উদ্দেশ্যে নদীবান্ধৰ পানী এৰি দিব পৰাকৈ প্ৰয়োজনীয় পৰিমাণৰ পানী মজুত নাই।

তদুপৰি জলসিঞ্চনৰ বাবে কৰ্ণাটকৰ কৃষকসকল ব’ৰৱেলৰ ওপৰত নিৰ্ভৰশীল। জলসিঞ্চনৰ উদ্দেশ্যে অত্যধিক শক্তিৰ ব্যৱহাৰে কৰ্ণাটকত বিদ্যুতৰ অভাৱৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই শেহতীয়াকৈ কৈছিল যে চাহিদা আৰু ব্যৱহাৰৰ তীব্ৰ বৃদ্ধিৰ বাবে কৰ্ণাটকত বিদ্যুতৰ নাটনি হৈছে। বিগত বৰ্ষসমূহত অক্টোবৰ মাহত বিদ্যুতৰ ব্যৱহাৰ প্ৰায় ১০ হাজাৰ মেগাৱাট আছিল, যিটো কৃষিৰ কামত বিদ্যুতৰ ব্যৱহাৰ বৃদ্ধিৰ বাবে বৰ্তমান ১৬ হাজাৰ মেগাৱাটলৈ বৃদ্ধি পাইছে।

প্ৰতিবাদ: বিদুৎ বিভাগৰ কাৰ্যালয়ত এৰি দিলে ঘৰিয়াল...
মানকাচৰত চোৰাং গৰুসহ আটক ব্যৱসায়ী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in