
ডিজিটেল ডেস্ক : অৱ্যাহত আছে হামাছ আৰু ইজৰাইলৰ সংঘৰ্ষ। এতিয়াও হোৱা নাই স্বাভাৱিক পৰিৱেশ। এনে পৰিৱেশৰ মাজতে এগৰাকী মহিলাক শূণ্য দুৰত্বৰ পৰা গুলীয়াই হত্যা কৰা এক ভিডিঅ'ই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ'টিত দেখা গৈছিল গাজা সীমান্ত পাৰ হৈ অহা এজন বন্দুকধাৰীয়ে এগৰাকী মহিলাক শূণ্য দুৰত্বৰ পৰা গুলীয়াইছিল। ঘটনা সংঘটিত হোৱাৰ বহু পলমকৈ ভাইৰেল হোৱা উক্ত ভিডিঅ'টি প্ৰত্যক্ষ কৰা সকলোকে আচৰিত কৰি তুলিছে।
ইজৰাইলৰ বৈদেশিক মন্ত্ৰালয়ে শ্বেয়াৰ কৰা এই ভিডিঅ'টিৰ শিৰোণামত উল্লেখ কৰে যে, 'এয়া ভাল আৰু বেয়াৰ মাজৰ যুদ্ধ।' উল্লেখ্য যে হামাছ আৰু ইজৰাইলৰ মাজত সংঘটিত যুদ্ধাত ভালেসংখ্যক লোক হতাহত হ'ব লগা হৈছে।