/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/28efbb13-d5f5-4fa8-bfb7-e160b273644f/167.jpg)
ডিজিটেল ডেস্ক : ৰাজস্থানৰ বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কঠোৰ সমালোচনা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। ৰাজ্যখনৰ বিধানসভাৰ দিন চমু চাপি অহাৰ লগে লগে সাজু হৈ উঠিছে দলটো।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/d3aeed06-d98a-4a3a-aa56-265bca39d0fa/404564319_939455410873868_1959555533484246126_n.jpg)
মঙলবাৰে ৰাজস্থানৰ উদয়পুৰত অনুষ্ঠিত ৰাজহুৱা সভাত ভাগ লৈ ৰাহুল গান্ধীয়ে কয়- বিজেপি চৰকাৰে দেশজুৰি ঘৃণা বিয়পাইছে। এই দেশ ঘৃণাৰ দেশ নহয়। মৰম,প্ৰেম,ভালপোৱাৰ এনাজৰীৰে বান্ধ খাই থকা দেশ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/717a588c-b90c-4ca8-b561-c901f5d663ca/404549144_939455127540563_1932587203908165284_n.jpg)
কংগ্ৰেছে ঘৃণাৰ বজাৰত প্ৰেমৰ দোকান খুলিব। ইয়াৰোপৰি গান্ধীয়ে উপস্থিত জনতাক উদ্দেশ্যি কয়- আমি আপোনালোকক জনজাতীয় বুলি কওঁ। বিপৰীতে বিজেপিয়ে আপোনালোকক বনবাসী আখ্যা দিয়ে। এয়াই হৈছে পাৰ্থক্য।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/ae961e66-201b-4fa3-b595-fc686c032d1b/404464297_939455294207213_4754847960686471238_n.jpg)
আনহাতে কংগ্ৰেছ পুনৰ শাসনলৈ আহিলে জনজাতীয় লোকসকলৰ সকলো সমস্যা সমাধান কৰিব বুলি ৰাহুল গান্ধীয়ে জনসভাত উল্লেখ কৰে। আজিৰ এই সভাত সহস্ৰাধিক লোকৰ লগতে প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/64778c31-8916-4f54-9770-de917d3b0a7f/404533065_939455167540559_8902326609713134301_n.jpg)
Also Read: গহপুৰত চুৰিকাণ্ড : ঘৰৰ বেৰ খুলি চোৰে লুটি নিলে সকলো