গাজাত ৰাষ্ট্ৰসংঘৰ অৰ্ধশতাধিক কৰ্মী নিহত

গাজাত ৰাষ্ট্ৰসংঘৰ অৰ্ধশতাধিক কৰ্মী নিহত

author-image
Asomiya Pratidin
New Update
গাজাত ৰাষ্ট্ৰসংঘৰ অৰ্ধশতাধিক কৰ্মী নিহত

প্ৰতীকি ফটো

ডিজিটেল ডেস্ক : হামাছ আৰু ইজৰাইলৰ মাজত পশ্চিম এছিয়াত চলি থকা যুদ্ধত এতিয়ালৈকে ৮৮ গৰাকী ৰাষ্ট্ৰসংঘৰ কৰ্মী নিহত হৈছে। এয়া কোনো এখন যুদ্ধত ৰাষ্ট্ৰসংঘৰ সৰ্বাধিকসংখ্যক কৰ্মীৰ মৃত্যু বুলি অভিহিত কৰা হৈছে।

ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰামতে গাজাত নিহত হোৱা এইসকল কৰ্মী পেলেষ্টাইনত কৰ্মৰত শৰণাৰ্থী সংস্থাৰ কৰ্মচাৰী। যোৱা ৭ অক্টোবৰৰ পৰা আৰম্ভ হোৱা সংঘাতৰ সময়ত আৰ্তজনক সহায় কৰাৰ সময়তে ইজৰাইলৰ বোমা আক্ৰমণত বেছিসংখ্যকৰ মৃত্যু হৈছে।

Also Read: ভোটগ্ৰহণলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা থকাৰ সময়ত ছত্তিশগড়ত বিস্ফোৰণ...

Gaza Israel–Hamas war united nations