ভোটগ্ৰহণলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা থকাৰ সময়ত ছত্তিশগড়ত বিস্ফোৰণ...

ভোটগ্ৰহণলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা থকাৰ সময়ত ছত্তিশগড়ত বিস্ফোৰণ...
ভোটগ্ৰহণলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা থকাৰ সময়ত ছত্তিশগড়ত বিস্ফোৰণ...

ডিজিটেল ডেস্কঃ বুধবাৰে নিৰ্বাচনক লৈ ছত্তিশগড়ত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে যদিও নিৰ্বাচনৰ ভোট গ্ৰহণৰ মাজত মাত্ৰ কেইটামান সময়ৰ পূৰ্বে সংঘটিত হৈছে আই ই ডি বিস্ফোৰণৰ দৰে ঘটনা। এই বিস্ফোৰণত আহত হৈছে এজন বি এছ এফ জোৱান আৰু দুজন নিৰ্বাচনী বিষয়া।

জানিব পৰা মতে ভোট গ্ৰহণ কেন্দ্ৰলৈ যোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা। সন্দেহ কৰা অনুসৰি এই বিস্ফোৰণৰ সৈতে জড়িত আছে মাওবাদী।

ৰাজ্যখনৰ কাংকেৰ জিলাত সংঘটিত হৈছে এই ঘটনা। উল্লেখ্য যে ৰাজ্যখনত ৭ নৱেম্বৰত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ। এই প্ৰথম পৰ্যায়ত মুঠ ২০ টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব।

ইয়াৰে মুঠ ১২ টা সমষ্টিয়েই মাওবাদী অধ্যুষিত অঞ্চলৰ। যাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ লগতে ভোটগ্ৰহণৰ সময়ছোৱাত হেলকিপ্টাৰ আৰু দ্ৰোণেৰে পৰ্যবেক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

ইফালে এই নিৰ্বাচন বৰ্জনৰ আহ্বান কৰিছে মাওবাদীয়ে। ৰাজ্যখনত ইয়াৰ পূৰ্বেও বিভিন্ন নিৰ্বাচনত মাওবাদীয়ে সন্ত্ৰাসমূলক কাৰ্য কৰি আহিছে।

ভোটগ্ৰহণলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা থকাৰ সময়ত ছত্তিশগড়ত বিস্ফোৰণ...
শিৱসাগৰত চলন্ত অৱস্থাত জলিল ইণ্ডিগ': কথমপি ৰক্ষা গৰাকীৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in