বিশ্বযুদ্ধৰ দিশে ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধ

ইউক্ৰেইনলৈ সহায়ৰ হাত জাৰ্মানীৰ, প্ৰেৰণ লিঅ'পাৰ্ড টেংক
ইউক্ৰেইনলৈ সহায়ৰ হাত জাৰ্মানীৰ, প্ৰেৰণ লিঅ'পাৰ্ড টেংক

ডিজিটেল ডেস্ক : শক্তিশালী কূটনীতি আৰু প্ৰত্যেকখন দেশৰ আনখনৰ ওপৰত বিভিন্ন ক্ষেত্ৰৰ নিৰ্ভৰশীলতাই বিশ্বযুদ্ধৰ সম্ভাৱনা হ্ৰাস কৰিছে যদিও সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব পৰা নাই এতিয়াও । এই কথাকেই প্ৰতিপন্ন কৰিবলৈ গৈ আছে ৰাছিয়াৰ ইউক্ৰেইন আগ্ৰাসনে । ধীৰে ধীৰে বিশ্বৰ প্ৰায় সকলো দেশেই যেন পৰোক্ষ প্ৰকাৰে হলেও এতিয়া জড়িত হৈ পৰিছে যুদ্ধৰ সৈতে ।

ৰাছিয়া আৰু জাৰ্মানীৰ বৈৰী নতুন নহয় বিশ্বৰ বাবে । ইয়াৰ পূৰ্বেও বিশ্বযুদ্ধৰ সময়ছোৱাত ৰাছিয়া জাৰ্মানীৰ বৈৰীয়ে সৃষ্টি কৰিছিল সন্ত্ৰাসৰ । তেতিয়াৰে পৰাই এক শীতল যুদ্ধ অব্যাহত দুয়োখন দেশৰ মাজতেই । এইবাৰ ইউক্ৰেইনলৈ সহায়ৰ হাত জাৰ্মানীৰ । জাৰ্মানীত নিৰ্মিত লিঅ'পাৰ্ড' টেংক যুদ্ধৰ বাবে প্ৰেৰণ ইউক্ৰেইনলৈ । অৰ্থাৎ এইবাৰ ইউক্ৰেইন সেনাৰ সহায়ৰ বাবে উপস্থিত জাৰ্মানী ।

উল্লেখ্য যে, ভ্লাদিমিৰ পুটিনে বাৰংবাৰ সকিয়নী দাঙি ধৰিছিল ইউৰোপীয়ান আৰু বিশ্ব আন দেশ সমূহলৈ যে, আন কোনো দেশে যুদ্ধৰ সৈতে জড়িত হৈ পৰিলেই সাৰি নাযাব ৰাছিয়াৰ ক্ৰোধৰ পৰা । ব্যৱহাৰ কৰা হ'ব পাৰমাণৱিক বোমা । যাৰ ফলতেই অতদিনে যুদ্ধৰ পৰা সুৰক্ষিত দূৰৈত অৱস্থিতি গ্ৰহণ কৰিছিল নাটো বাহিনীয়ে ।

কিন্তু জাৰ্মানীয়ে ইউক্ৰেইনলৈ টেংক প্ৰেৰণ কৰি সলনি কৰি দিলে সকলো সংজ্ঞা । এতিয়া বিশ্বযুদ্ধৰ সম্ভাৱনীয়তা মাথো কিছু মাইল নিলগত । যিকোনো মুহুৰ্ততেই সলনি হ'ব পাৰে প্ৰেক্ষাপট । আৰম্ভ হ'ব পাৰে বিশ্বযুদ্ধ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in