কাঠফুলা খেতিৰে স্বাৱলম্বী কাৰ্বি আংলঙৰ কৃষক

author-image
Asomiya Pratidin
New Update
কাঠফুলা খেতিৰে স্বাৱলম্বী কাৰ্বি আংলঙৰ কৃষক

ডিজিটেল সংবাদ, কাজিৰঙা : উন্নত মানৰ কাঠফুলা খেতিৰে স্বাৱলম্বী হৈছে কাজিৰঙাৰ দাতিকাষৰীয়া কাৰ্বিআংলঙৰ ৰমেশ টকবী নামৰ এজন ব্যক্তি।প্ৰশিক্ষণপ্ৰাপ্ত ৰমেশ টকবীয়ে নিজ গৃহতেই আৰম্ভ কৰছে এই খেতি। পৰিয়ালৰ সদস্যৰ সহায়ত কাঠফুলাৰ খেতি কৰিছে কৃষকজনে।

Advertisment

উল্লেখ্যে যে WWF ৰ উদ্যোগত হোৱা কাঠফুলা খেতিৰ এক প্ৰশিক্ষণ শিবিৰত অংশ লৈ যথেষ্ট উপকৃত হৈছে বুলি প্ৰকাশ কৰে ৰমেশ টকবীয়ে। বৰ্তমান চালুকীয়া অৱস্থাত থকা এই ব্যৱসায়ৰ যথেষ্ট সম্ভাৱনা আছে আৰু ইয়াৰ এখন বজাৰ থকাৰ কথাও সদৰী কৰে কৃষকজনে। কাঠফুলা খেতি কেনেকৈ কৰিব লাগে সমগ্ৰ প্ৰক্ৰিয়া বৰ্ণনা কৰি ই এক লাভজনক ব্যৱসায় বুলি প্ৰকাশ কৰে ৰমেশ টকবীয়ে। দেশী বিদেশী পৰ্যটকৰ সমাগম থলী কাজিৰঙাত কাঠফুলাৰ এখন বজাৰ সৃষ্টিৰ পূৰ্ণ সম্ভাৱনাৰ কথাও স্বীকাৰ কৰে কৃষকজনে।

আৰু পঢ়ক : মাজুলীত এশিঙীয়া গঁড়ৰ সন্ত্ৰাস, স্তব্ধ জনজীৱন

kaziranga mushroom