বিশ্বনেতাৰ সন্মুখত দেশৰ জয়গানেৰে জি-২০ৰ শীৰ্ষ সন্মিলন

বিশ্বনেতাৰ সন্মুখত দেশৰ জয়গানেৰে জি-২০ৰ শীৰ্ষ সন্মিলন

ডিজিটেল ডেস্কঃ উখল-মাখল ৰাজধানীৰ পদূলি। শনিবাৰৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে নতুন দিল্লীত অনুষ্ঠিত হৈছে জি-২০ৰ শীৰ্ষ সন্মিলন। প্ৰায় ৯ মাহজোৰা ব্যাপক মহা আয়োজনেৰে বিশ্বনেতাক আদৰি সন্মিলনৰ বাবে সাজু হৈছে ভাৰত। বহু প্ৰতীক্ষাৰ অন্তত ভাৰতে শনিবাৰে দেশৰ কণ্ঠক বিশ্ব পটভূমিলৈ নিব।

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা জি-২০ সন্মিলনৰ বাবে সমগ্ৰ বিশ্বৰে দৃষ্টি এতিয়া ভাৰতত। বিগত বৰ্ষৰ পহিলা ডিচেম্বৰত জি-২০ৰ অধ্যক্ষতাৰ দায়িত্ব লৈ মহা আয়োজনেৰে ভাৰতে অনুষ্ঠিত কৰিছে এই সন্মিলন। সন্মিলনত অংশগ্ৰহণ কৰা মুঠ ৩০খন দেশৰ ৰাষ্ট্ৰপ্ৰধান তথা প্ৰতিনিধিসকলক ইতিমধ্যেই আদৰিছে ভাৰতে।

নেতাসকলৰ সুৰক্ষাৰ বাবে বিভিন্ন স্তৰত প্ৰায় ১ লাখ ৩০ হাজাৰ সৈনিক নিয়োগ কৰিছে। বিদেশৰ প্ৰতিনিধি দল আহি ভাৰতত উপস্থিত হোৱাত দিল্লীৰ কেইবাখনো পঞ্চতাৰকা হোটেলত ৰখাৰ ব্যৱস্থা কৰাৰ সমান্তৰালভাবে সজাই তোলা হৈছে দিল্লীৰ ৰাজপথ কিম্বা ঐতিহাসিক স্মাৰক।

এই সন্মিলনৰ বৈঠকত নেতাসকলৰ মাজত বহু উন্নয়নমূলক কাম-কাজৰ আলোচনা হ'ব। এই আলোচনাত স্বাভাৱিকতেই মুখ্য স্থান পাব অৰ্থনৈতিক বিষয়ে। ৰাষ্ট্ৰসমূহৰ মাজত সম্পৰ্ক, বাণিজ্য আদিৰ ওপৰতো আলোচিত হ'ব। উল্লেখ্য যে সন্মিলনিত জি-২০ ৩০ সদস্য ৰাষ্ট্ৰৰ উপৰি ১৪ টা আন্তৰ্জাতিক সংস্থাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব।

বিশ্বনেতাৰ সন্মুখত দেশৰ জয়গানেৰে জি-২০ৰ শীৰ্ষ সন্মিলন
মৰক্কোত ভূমিকম্পৰ প্ৰবল জোকাৰণিঃ বৃদ্ধি পাইছে নিহতৰ সংখ্যা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in