ইজৰাইললৈ সমৰ্থন আগবঢ়াই ৰাষ্ট্ৰখনত উপস্থিত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি...

ইজৰাইললৈ সমৰ্থন আগবঢ়াই ৰাষ্ট্ৰখনত উপস্থিত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি...

author-image
Asomiya Pratidin
New Update
ইজৰাইললৈ সমৰ্থন আগবঢ়াই ৰাষ্ট্ৰখনত উপস্থিত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি...

ইজৰাইললৈ সমৰ্থন আগবঢ়াই ৰাষ্ট্ৰখনত উপস্থিত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি...

ডিজিটেল ডেস্কঃ হামাছৰ বিৰুদ্ধে ইজৰাইলে যুদ্ধ অব্যাহত ৰখাৰ মাজতে ইজৰাইলক সমৰ্থন দিবলৈ ৰাষ্ট্ৰখনত উপস্থিত হ’লগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন।মংগলবাৰে পুৱা ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকী সুবিশাল বিমানৰ জৰিয়তে তেল আভিভত উপস্থিত হয়গৈ।

Advertisment

ইজৰাইলৰ শীৰ্ষ বিষয়াৰ ভাষ্য অনুসৰি ইজৰাইলত সন্ত্ৰাসবাদী সংগঠন হামাছৰ আক্ৰমণত অতি কমেও ১৪০০ ৰো অধিৰ লোকৰ মৃত্যু হৈছে। যুদ্ধ আৰম্ভ হোৱাৰ দুই সপ্তাহৰ পাছত ইমানুৱেল মেক্ৰন তেল আভিভত গৈ উপস্থিত হৈছে।

ইজৰাইলত হামাছৰ আক্ৰমণত নিহত হোৱা এই ১৪০০ লোকৰ ভিতৰত আছে ফ্ৰান্সৰ ৩০ জনকৈ নাগৰিক। ইজৰাইল ভ্ৰমণৰ সময়ছোৱাতে ইমানুৱেল মেক্ৰনে হামাছৰ আক্ৰমণত মৃত্যু হোৱা ফ্ৰান্সৰ লোকসকলৰ পৰিয়ালৰ লোককো সাক্ষাত কৰিছে।

ইফালে হামাছৰ দ্বাৰা পৰিচালিত স্বাস্থ্য সংস্থা মন্ত্ৰণালয়ৰ অনুসৰি গাজাত ইজৰাইলে কৰা আক্ৰমণত ৫ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে। যাৰ ভিতৰত অধিকাংশই শিশু আৰু মহিলা।

আশা কৰা হৈছে ইজৰাইলৰ পৰাই ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীয়ে মানৱীয় যুদ্ধ বিৰতিৰ আহ্বান কৰিব। হামাছৰ সৈতে চলি থকা যুদ্ধৰ মাজতে ইজৰাইলে যি অৰোধ ব্যৱস্থা হাতত লৈছে সেই অৱৰোধৰ ফলত ফ্ৰান্সৰ ২.৪ নিযুত লোক মুখ্যতঃ পানী, খাদ্য, বিদ্যুৎ আৰু অন্যান্য প্ৰাথমিক প্ৰয়োজনীয়তাৰ পৰা বঞ্চিত হৈছে বুলি জানিব পৰা গৈছে।

সেয়ে ইমানুৱেল মেক্ৰনে ইজৰাইল ভ্ৰমণ কৰি দেশখনৰ ৰাষ্ট্ৰপতি বেঞ্জামিন নেতানিয়াহুক সাক্ষাৎ কৰিছে আৰু মঙ্গলবাৰে বিয়লি এই দুই ৰাষ্ট্ৰনেতাই এক যুটীয়া সংবাদমেল অনুষ্ঠিত কৰিব।

Also Read: মুখ্যমন্ত্ৰীৰ মৰম! ভি আৰ এছ লোৱাৰ ২৪ ঘণ্টা নহওতেই লাভ কৰিলে কেবিনেট মন্ত্ৰীৰ মৰ্যাদা...

ইজৰাইল ফ্ৰান্স