মুখ্যমন্ত্ৰীৰ মৰম! ভি আৰ এছ লোৱাৰ ২৪ ঘণ্টা নহওতেই লাভ কৰিলে কেবিনেট মন্ত্ৰীৰ মৰ্যাদা...

মুখ্যমন্ত্ৰীৰ মৰম! ভি আৰ এছ লোৱাৰ ২৪ ঘণ্টা নহওতেই লাভ কৰিলে কেবিনেট মন্ত্ৰীৰ মৰ্যাদা...
মুখ্যমন্ত্ৰীৰ মৰম! ভি আৰ এছ লোৱাৰ ২৪ ঘণ্টা নহওতেই লাভ কৰিলে কেবিনেট মন্ত্ৰীৰ মৰ্যাদা...

ডিজিটেল ডেস্কঃ এগৰাকী চৰকাৰী কৰ্মচাৰীয়ে ভি আৰ এছ লোৱাৰ ২৪ ঘণ্টা নহওতেই লাভ কৰিলে কেবিনেট মন্ত্ৰীৰ মৰ্যাদা। এই ঘটনা উৰিষ্যাৰ।

উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ সহযোগী ভি.কে. পাণ্ডিয়ানে লাভ কৰিলে এই উপহাৰ। দীৰ্ঘদিন ধৰি মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ সহযোগী হিচাপে কাম কৰি থকা ভি কে পাণ্ডিয়ানক মঙ্গলবাৰে এক চৰকাৰী অধিসূচনা জাৰি কৰি এই নতুন দায়িত্ব প্ৰদান কৰা হৈছে।

উল্লেখ্য যে, ভি কে পাণ্ডিয়ানক পৰিৱৰ্তনশীল উদ্যোগৰ অধক্ষ্য হিচাপে কেবিনেট মৰ্যাদাৰে নিযুক্তি প্ৰদান কৰা হৈছে। ভি কে পাণ্ডিয়ান দীৰ্ঘদিন ধৰি মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ সহায়ক হিচাপে আছিল।

উৰিষ্যাৰ সাধাৰণ প্ৰশাসন আৰু জন অভিযোগ বিভাগে এই সন্দৰ্ভত জাৰি কৰা অধিসূচনাত কয়, ভি কে পাণ্ডিয়ানক ৫টি (পৰিৱৰ্তনশীল উদ্যোগ)ৰ অধ্যক্ষ আৰু নবিন উৰিষ্যাক কেবিনেট মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে। পাণ্ডিয়ানে মুখ্যমন্ত্ৰীৰ অধীনত পোনপটীয়াকৈ কাম কৰিব।

৫টি মানে হৈছে টীম ৱৰ্ক, টেকনলজী, ট্ৰেন্সাপাৰেঞ্চী, ট্ৰেঞ্চফ'ৰমেচন আৰু টাইম লিমিট। উল্লেখ্য, পাণ্ডিয়ানে ২০১১ চনত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত যোগদান কৰিছিল আৰু তেতিয়াৰ পৰা মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ ব্যক্তিগত সচিব হিচাপে কাম কৰি আছে।

২০১৯ চনত নবীন পাটনায়ক পঞ্চমবাৰৰ বাবে মুখ্যমন্ত্ৰী হোৱাৰ পিছত, পাণ্ডিয়ানক চৰকাৰী বিভাগসমূহত কিছুমান পৰিৱৰ্তনশীল পদক্ষেপ ৰূপায়ণ কৰাৰ বাবে '৫টি সচিব'ৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছিল।

মুখ্যমন্ত্ৰীৰ মৰম! ভি আৰ এছ লোৱাৰ ২৪ ঘণ্টা নহওতেই লাভ কৰিলে কেবিনেট মন্ত্ৰীৰ মৰ্যাদা...
অসমীয়া প্ৰতিদিন ডিজিটেলৰ পূজা বিষয়ক ৰচনা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in