ঢকুৱাখনাত প্ৰশাসনৰ চুলাই ভাতী উচ্ছেদ অভিযান...

ঢকুৱাখনাত প্ৰশাসনৰ চুলাই ভাতী উচ্ছেদ অভিযান...

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত প্ৰশাসনৰ চুলাই ভাতী উচ্ছেদ অভিযান...

ঢকুৱাখনাত প্ৰশাসনৰ চুলাই ভাতী উচ্ছেদ অভিযান...

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনা আৱকাৰী চক্ৰৰ অন্তৰ্গত বিভিন্ন অঞ্চলত বৃহস্পতিবাৰে চলোৱা হয় অবৈধ চুলাই ভাতী উচ্ছেদ অভিযান। চক্ৰটোৰ অন্তৰ্গত বিৰাজৰাচুক, শিমলুডোঙা, ঢোলপেটা,সুঁতিমুখ, ঘিলামৰা,মধুপুৰ বাগান আদি অঞ্চলত অভিযান চলাই বৃহস্পতিবাৰে ৬ টা অবৈধ চুলাই ভাতী উচ্ছেদ কৰাৰ লগতে চুলাই বনাবলৈ মজুত ৰখা প্ৰায়  ৫০২ লিটাৰ পাজ, প্ৰায় ৫৫ লিটাৰ চুলাই আৰু বহু সংখ্যক চুলাই প্ৰস্তুত কৰা সঁজুলি জব্দ কৰি থলীতে বিনষ্ট কৰে।

Advertisment

ঢকুৱাখনা আৱকাৰী চক্ৰৰ চক্ৰ বিষয়া ভূপেন শইকীয়া আৰু সহকাৰী পৰিদৰ্শক জনাৰ্দন গোস্বামীৰ নেতৃত্বত যোৱা অভিযানকাৰী দলটোৱে এনে সমাজবিৰোধী বেপাৰ আৰু কাৰ্যত জড়িত নহ'বলৈ সকলোকে অন্তিম সকীয়নি দিয়ে। উল্লেখযোগ্য যে, ঢকুৱাখনা মহকুমাত অবৈধ চুলাই আৰু বৰ্হি ৰাজ্যৰ বিলাতী সুৰা বিৰোধী এক ধাৰাবাহিক অভিযান অব্যাহত ৰাখি বহুলাংশে সফল হৈ আহিছে ঢকুৱাখনা আৱকাৰী চক্ৰ।

Also Read: ভাৰতীয় বিশ্বকাপ দলে পালে পূৰ্ণতাঃ টীম ইণ্ডিয়াত চামিল হ'ল ৰবীচন্দ্ৰন অশ্বিন....

ঢকুৱাখনা