ড'নাল্ড ট্ৰাম্পৰ জে'ল যাত্ৰা নিশ্চিত ! ৩৪ টা গোচৰত দোষী সাব্যস্ত...

প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ বিৰুদ্ধে পৰ্ণষ্টাৰ ষ্টৰ্মি ডেনিয়েলছে আনিছিল অভিযোগ
ড'নাল্ড ট্ৰাম্পৰ জে'ল যাত্ৰা নিশ্চিত ! ৩৪ টা গোচৰত দোষী সাব্যস্ত...
ড'নাল্ড ট্ৰাম্পৰ জে'ল যাত্ৰা নিশ্চিত ! ৩৪ টা গোচৰত দোষী সাব্যস্ত...

ডিজিটেল ডেস্কঃ এটা দুটা নহয়, মুঠ ৩৪ টা গোচৰত দোষী সাব্যস্ত হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প। ফলত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পূৰ্বৰ ৰাষ্ট্ৰপতিগৰাকীৰ জে'ল যাত্ৰা প্ৰায় নিশ্চিত হৈ পৰিছে। বৃহস্পতিবাৰে মাৰ্কিন আদালতে দোষী সাব্যস্ত কৰা ট্ৰাম্পৰ শাস্তি অহা ১১ জুলাইত ঘোষণা কৰা হ'ব।

বহু বিতৰ্কিত ড'নাল্ড ট্ৰাম্প আমেৰিকাৰ ৰাজনৈতিকি ইতিহাসৰে প্ৰথমজন ব্যক্তি যি ৰাষ্ট্ৰপতি হোৱাৰ পিছত ন্যায়ালয়ত দোষী সাব্যস্ত হৈছে। উল্লেখ্য যে, ২০১৬ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ঠিক আগে আগে পৰ্ণষ্টাৰ ষ্টৰ্মি ডেনিয়েলছে ৰিপাব্লিকান পাৰ্টীৰ নেতাগৰাকীৰ বিৰুদ্ধে ঘোচ দিয়াৰ অভিযোগ উত্থাপন কৰিছিল। কেৱল সেয়াই নহয় তেওঁৰ বিৰুদ্ধে আছিল যৌন আতিশয্য চলোৱাৰো অভিযোগ।

এই সমগ্ৰ অভিযোগৰ তদন্ত তথা বিচাৰৰ অন্তত বৃহস্পতিবাৰে ন্যায়ালয়ে ট্ৰাম্পক মুঠ ৩৪ টা অভিযোগত দোষী সাব্যস্ত কৰিছে। ফলত এতিয়া প্ৰশ্ন উত্থাপন হৈছে আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচনত পুনৰ প্ৰতিদ্বন্দিতা কৰিবলৈ মন মেলা ট্ৰাম্পে প্ৰতিদ্বন্দিতা কৰিব পাৰিবনে? তাৰোপৰি তেওঁক ন্যায়ালয়ে কি শাস্তি দিয়ে তাক লৈয়ো আৰম্ভ হৈছে চৰ্চা।

খবৰ অনুসৰি বৃহস্পতিবাৰে নিউয়ৰ্কৰ এখন আদালতে ট্ৰাম্পক দোষী সাব্যস্ত কৰিছে। মুঠ ১২ জুৰীৰ সন্মতিৰ ভিত্তিত তেওঁক দোষী সাব্যস্ত কৰা হৈছে। ন্যায়াধীশ হুয়ান মেচাৰ্নে জনোৱা অনুসৰি অহা ১১ জুলাইত ট্ৰাম্পৰ শাস্তি ঘোষণা কৰা হ'ব। অৱশ্যে ইমানৰ পিছতো ট্ৰাম্পে নিজকে নিৰ্দোষী বুলি দাবী কৰিছে। তেওঁ শীঘ্ৰেই শীৰ্ষ আদালতত আপীল কৰিব বুলি জনাইছে।

মন কৰিবলগীয়া যে, অহা ১৫ জুলাইত ৰিপাব্লিকান পাৰ্টীৰ আনুষ্ঠানিকভাৱে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হ'ব। ইতিমধ্যে ট্ৰাম্পে নিজকে পুনৰ ৰিপাব্লিকান পাৰ্টীৰ পৰা ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে সাজু কৰি তুলিছিল।   

কিন্তু ১১ জুলাইত তেওঁৰ শাস্তি ঘোষণা কৰাৰ পাছত ট্ৰাম্পে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰিবনে নাই তাক লৈ সংশয়ৰ সৃষ্টি হৈছে। কিয়নো ৩৪ টা গোচৰত দোষী সাব্যস্ত হোৱা ট্ৰাম্পক সৰ্বোচ্চ ৪ বছৰ পৰ্যন্ত কাৰাগাৰৰ শাস্তি ঘোষণা কৰাৰে সম্ভাৱনা অধিক।

উল্লেখযোগ্য যে, পৰ্ণষ্টাৰ ষ্টৰ্মি ডেনিয়েলছে ট্ৰাম্পে তেওঁৰ সৈতে ২০০৬ চনতে যৌন সম্পৰ্ক গঢ়িছিল বুলি অভিযোগ কৰিছিল। এই বিষয়টো গোপনে ৰাখিবলৈ ট্ৰাম্পে ২০১৬ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে ষ্টৰ্মিক বহু টকা দি এক চুক্তিত স্বাক্ষৰ কৰি লৈছিল।

ড'নাল্ড ট্ৰাম্পৰ জে'ল যাত্ৰা নিশ্চিত ! ৩৪ টা গোচৰত দোষী সাব্যস্ত...
তিনি ৰাজ্যৰ পৰা লাগে পানীঃ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ দিল্লী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in