তিনি ৰাজ্যৰ পৰা লাগে পানীঃ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ দিল্লী...

দিল্লীত তাপমাত্ৰাই ভাঙিলে সৰ্বকালৰ অভিলেখ

author-image
Asomiya Pratidin
New Update
তিনি ৰাজ্যৰ পৰা লাগে পানীঃ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ দিল্লী...

ডিজিটেল ডেস্কঃ তীব্ৰ জল সংটতত ভূগিছে ৰাজধানী চহৰ দিল্লী। দিল্লীৰ এনে জল সংকট দূৰ কৰিবলৈ এতিয়া উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈ বাধ্য হৈছে দিল্লী চৰকাৰ। যোৱা কেইটামান দিনৰ পৰা গ্ৰীষ্ম প্ৰবাহ ৰাজধানী দিল্লীত যথেষ্ট বৃদ্ধি পাইছে।

Advertisment

৫০ ডিগ্ৰীৰো অধিক হৈছে তাপমাত্ৰা। এনে পৰিস্থিতিত ৰাজধানী চহৰখনত এতিয়া জল সংকটে এক জটিল ৰূপ ধাৰণ কৰিছে। এই সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ দিল্লী চৰকাৰে চুবুৰীয়া তিনিখনকৈ ৰাজ্যৰ পৰা সাহায্য হিচাপে বিচাৰিছে পানী।

উচ্চতম ন্যায়ালয়ত দিল্লী চৰকাৰৰ ফালৰ পৰা এই সন্দৰ্ভত এক আবেদন দাখিল কৰিছে। এই আবেদনত উল্লেখ কৰিছে চুবুৰীয়া হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু হিমাচল প্ৰদেশৰ পৰা অতিৰিক্ত পানী বিচৰা হৈছে।

দিল্লী চৰকাৰৰ বক্তব্য- গৰমত দিল্লীত যি পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ ফলত পানীৰ চাহিদাও অধিক বৃদ্ধি পাইছে। এই পৰিস্থিতিত অন্য ৰাজ্যৰ পৰা পানী যোগান নাপালে ৰাজধানী চহৰখনত পানীৰ চাহিদা পূৰণ কৰাটো অসম্ভৱ হৈ পৰিব।

দিল্লীৰ চাণক্যপুৰীৰ সঞ্জয় কেম্প আৰু গীতা কলনি এলেকাত জল সংকটে তীব্ৰ ৰূপ ধাৰণ কৰিছে। এই অঞ্চলত এবাল্টি পানীৰ বাবে দীৰ্ঘসময় ধৰি শাৰি পাতি থাকিও পানী লাভ কৰা নাই বহুতেই। প্ৰশাসনে যিমান পৰিমাণৰ পানী যোগান ধৰিছে সেই পানী সকলোকে ভগাব পৰা নাই। ফলত অঞ্চলদুটাৰ মানুহৰ মাজত বৃদ্ধি পাইছে অসন্তুষ্টি।

উল্লেখ্য যে ৰাজধানী দিল্লীত এইবাৰ তামমাত্ৰাই সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰিছে। শেহতীয়াকৈ দিল্লীত তাপমানে ৫২.৯ ডিগ্ৰী চেলচিয়াছ স্পৰ্শ কৰিছে। আগন্তুক দিন কেইটাত তাপমান হ্ৰাস হোৱাৰ তেনে কোনো সম্ভাৱনাও নাই।

এনে পৰিস্থিতিত এতিয়া দিল্লীত পানীৰ অপব্যয় ৰোধ কৰিবলৈ প্ৰশাসনে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। পানীৰ অপব্যয় কৰাসকলৰ বিৰুদ্ধে ২ হাজাৰ টকা পৰ্যন্ত জৰিমণা বিহাৰ ব্যৱস্থা কৰা হৈছে।  

Also Read: অনলাইন জুৱাঃ পুলিচ পাপৰিক শাস্তি, শিক্ষক লাবুমণিৰ বিৰুদ্ধে ব্যৱস্থা ল'ব কেতিয়া?

গ্ৰীষ্ম দিল্লী জল সংকট