Advertisment

আমেৰিকাত প্ৰকৃতিৰ ক্ষোভ

প্ৰকৃতিৰ ক্ষোভত জাহ গ’ল ৪৬ জন লোক। এই বনজুইত ১১০০ৰো অধিক অধিক ঘৰ ভস্মীভূত হৈছে।

author-image
Asomiya Pratidin
New Update
আমেৰিকাত প্ৰকৃতিৰ ক্ষোভ

ডিজিটেল ডেস্কঃ আমেৰিকাৰ চিলিত প্ৰকৃতিৰ ক্ষোভ। বনজুয়ে ছানি ধৰিছে সমগ্ৰ চিলি অঞ্চল। প্ৰকৃতিৰ ক্ষোভত জাহ গ’ল ৪৬ জন লোক। এই বনজুইত ১১০০ৰো অধিক অধিক ঘৰ ভস্মীভূত হৈছে।    

Advertisment

মধ্য চিলিৰ ঘনজনবসতিপূৰ্ণ অঞ্চলত চাৰিওফালৰ বনাঞ্চলত লগা জুইয়ে বেৰি ধৰি যথেষ্ঠ ক্ষতিগ্ৰস্ত কৰিছে। ক্ৰমাত এই জুয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে, যাৰ ফলত অঞ্চলটোৰ প্ৰায় ১০ লাখ জনসংখ্যালৈ শংকা নামি আহিছে। অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দলে পূৰ্ণগতিত উদ্ধাৰৰ চেষ্টা কৰি আছে যদিও এইপৰ্যন্ত কোনো সফলতা অৰ্জন কৰিব পৰা নাই। এইপৰ্যন্ত এই বনজুইত ৪৬ জন লোকৰ মৃত্যু হৈছে। তথ্য অনুসৰি মৃত্যুৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে দেশখনৰ মধ্য-দক্ষিণ অঞ্চলত প্ৰায়বোৰ বনাঞ্চল জুয়ে ছানি ধৰিছে । এই বনজুইৰ ফলত ৪ হাজাৰ হেক্টৰ এলেকা ক্ষতিগ্ৰস্ত হৈছে বুলি জানিব পৰা গৈছে। জুই জনবসতি পূৰ্ণ অঞ্চললৈ বিয়পি পৰাত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । শ শ ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ধ্বংস হৈছে।

Also Read: PM Modi in Assam Live Updates: অসমৰ বিকাশৰ বাবে ৰাইজক অভিনন্দন জনালে মোডীয়ে

america Forest Fire