PM Modi in Assam Live Updates: আজি অসমে পাব ১১ হাজাৰ ৬০০ কোটিৰ প্ৰকল্প
PM Modi in Assam Live Updates: আজি অসমে পাব ১১ হাজাৰ ৬০০ কোটিৰ প্ৰকল্প

PM Modi in Assam Live Updates: অসমৰ বিকাশৰ বাবে ৰাইজক অভিনন্দন জনালে মোডীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দুদিনীয়া অসম ভ্ৰমণ

দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। মোডীৰ আগমণক কেন্দ্ৰ কৰি গুৱাহাটীত ৰাজ্যিক বিজেপিয়ে সৃষ্টি কৰিছে উৎসৱমুখৰ পৰিৱেশ। লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত বাৰে ৰহনীয়া সাংস্কৃতিক দলসমূহে তেওঁক আদৰিবলৈ সাজু হৈ থকাৰ বিপৰীতে মহানগৰীৰ ৰাজপথত মোডীক চাবলৈ ভিৰ কৰিছে বিভিন্ন লোকে। সমান্তৰালকৈ বিজেপিৰ যুৱ মৰ্চাই ১ লাখ বন্তি প্ৰজ্বলেনেৰে তেওঁক আদৰণি জনোৱাৰ ব্যৱস্থা কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণৰ সকলো খবৰৰ লাইভ আপডেট পাই থাকিবলৈ চাই থাকিব অসমীয়া প্ৰতিদিন ডিজিটেল।

ভাৰতক বিশ্বৰ তৃতীয় শক্তিশালী দেশ হিচাপে গঢ়াৰ সংকল্প

প্ৰধানমন্ত্ৰীয়ে দেশক বিশ্বৰ তৃতীয় বৃহৎ শক্তি হিচাপে গঢ়াৰ অংগীকাৰ গ্ৰহণ কৰে। ২০৪৭ ৰ ভিতৰত ভাৰতক শ্ৰেষ্ঠ হিচাপে গঢ়ি তোলাৰ সংকল্প। ভাৰতৰ এই বিকাশত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰো ভূমিকা অনন্য বুলি উল্লেখ কৰে। অসমৰ এনে বিকাশৰ বাবে তেওঁ অসমবাসীক অভিনন্দন জনায়।

অসম, উত্তৰ পূৰ্বাঞ্চলক দক্ষিণ এছিয়াৰে সংযোগ কৰাৰ কথা উল্লেখ

অসমত এতিয়া মানুহে শান্তিৰে বাস কৰিছে

অসমলৈ দলীয় কামত অহাৰ সময়ত বন্ধ, প্ৰতিবাদৰ সন্মুখীন হোৱাৰ কথা উল্লেখ কৰি এতিয়া সেই পৰিৱেশ নাই বুলিও উল্লেখ কৰিছে। এতিয়া অসমত বোমা বিস্ফোৰণ নহয়। অসমৰ ৬০০০ যুৱকে অস্ত্ৰ ত্যাগ কৰাৰ কথা উল্লেখ। এনে পৰিস্থিতিত অসম পূৰ্বৰ তুলনাত শান্তিৰে বাস কৰিব পাৰিছে বুলিও কয় তেওঁ।

সীমা বিবাদৰ প্ৰসংগও উত্থাপন

বিজেপি চৰকাৰ গঠন হোৱাৰ পাছত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যৰ মুঠ ১০ টা স্থানৰ সীমা বিবাদ দূৰ হোৱা বুলি উল্লেখ।

মোডীয়ে দিয়া গেৰাণ্টি পুৰণ কৰিবলৈ দিন-ৰাতি একাকাৰ কৰি কাম কৰিবলৈও সাজু বুলি উল্লেখ 

লাখপতি দিদিৰ সংখ্যা বৃদ্ধিৰ কথা উল্লেখ

তেওঁ দেশৰ ২ কোটি মহিলাক লাখপতি দিদি হিচাপে গঢ়ি তোলাৰ লক্ষ্যক বৃদ্ধি কৰি ৩ কোটিলৈ বৃদ্ধি কৰাৰ কথা উল্লেখ কৰে। ইয়াৰ জৰিয়তে অসমৰ মহিলাও লাখপতি হোৱাৰ কথা উল্লেখ।

বিজুলীৰ বিলো শূন্য কৰাৰ প্ৰচেষ্টাৰ কথা উল্লেখ 

বাজেটত কেন্দ্ৰীয় চৰকাৰে ১ কোটি লোকক ছ'লাৰ পদ্ধতিৰ সুবিধা দিয়াৰ কথা উল্লেখ কৰে। ইয়াৰ জৰিয়তে তেওঁলোকে প্ৰয়োজনীয় বিজুলী উৎপাদন কৰাৰ লগতে অতিৰিক্ত বিজুলী বিক্ৰীও কৰিব পাৰিব বুলি উল্লেখ কৰিছে।

আমাৰ লক্ষ্য সকলো নাগৰিকৰ জনতাৰ জীৱন সৰল কৰা

কেন্দ্ৰীয় বাজেটৰ কথা উল্লেখ কৰি কয়, সাধাৰণ জনতাৰ জীৱন উন্নতিকৰণৰ বাবে কেন্দ্ৰীয় বাজেটত ১২ লাখ কোটি আন্তঃগাঁথনি উন্নয়নৰ বাবে নিৰ্ধাৰণ কৰাৰ কথা উল্লেখ। তেওঁ কয়, ১০ বছৰত কংগ্ৰেছ চৰকাৰে ব্যয় কৰিছিল ১২ লাখ কোটি টকা। কিন্তু এইবাৰ চৰকাৰে এবছৰতে নিৰ্মাণ কাৰ্যত ব্যয় কৰিব ১২ লাখ কোটি টকা। ফলত নতুন সংস্থাপন আৰু উদ্য়োগীক বিকাশ পাব বুলিও কয়।

যোৱা ১০ বছৰত অসমত  বিকাশ ৪০০ শতাংশ গুণ বৃদ্ধি পাইছে

২০১৪ ৰ পিছত অসমৰ বিকাশ ৪০০ শতাংশ বৃদ্ধি পাইছে বুলি উল্লেখ। ২০১৪ ৰ পাছত অসমত ১৯০০ কিলোমিটাৰ ৰেল পথ হৈছে। ২০১৪ ৰ পূৰ্বে অসমত আছিল ১০ হাজাৰ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ। ২০১৪ ৰ পিছত ৬ হাজাৰ কিলোমিটাৰ অধিক বৃদ্ধি পালে।

যোৱা ১০ বছৰত অসম,উত্তৰ পূৰ্বাঞ্চললৈ পৰ্যটকৰ আগমন বৃদ্ধি

অসম, উত্তৰ পূৰ্বাঞ্চলত পৰ্যটনৰ যথেষ্ট সম্ভাৱনা আছে। সেয়ে বিজেপি চৰকাৰে ইয়াৰ পৰ্যটনৰ ওপৰত গুৰুত্ব দিছে। যোৱা ১০ বছৰত ইয়ালৈ পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে। পূৰ্বেই পৰ্যটক আহিছিল যদিও সন্ত্ৰাসবাদ সমস্যাৰ বাবে আজিৰ দৰে পৰ্যটক অহা নাছিল। এতিয়া শান্তি প্ৰতিষ্ঠা হোৱাত পৰ্যটকৰ আগমণ বৃদ্ধি পাইছে।

পৰ্যটন, তীৰ্থ যাত্ৰাৰ বিষয়েও উল্লেখ

দেশত এতিয়া পৰ্যটন আৰু তীৰ্থ যাত্ৰাৰ সংখ্যা বৃদ্ধি হোৱাৰ কথা উল্লেখ। যোৱা এটা বছৰত কেদাৰনাথ ১৯ লাখ, ৮ কোটি লোকে কাশী ভ্ৰমণ কৰিছে। অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ কৰাৰ পাছত ২৪ লাখ ভক্তই ভ্ৰমণ কৰিছে। কামাখ্যা কৰিড'ৰ নিৰ্মাণ কৰাৰ পাছত কামাখ্য়াতো এনে এক পৰিৱেশ সূচনা হোৱাৰ আশা প্ৰধানমন্ত্ৰীগৰাকীৰ।

যোৱা ১০ বছৰত দেশৰ মেডিকেল কলেজ দুগুণ হৈছে

দেশত যোৱা ১০ বছৰত মেডিকেল কলেজৰ সংখ্যা দুগুণ হৈছে। অসমত বিজেপিৰ চৰকাৰৰ আগত ৬ খন মেডিকেল কলেজ আছিল। এতিয়া ১২ খন মেডিকেল কলেজ হ'ল। অসম উত্তৰ পূৰ্বাঞ্চলৰ কেঞ্চাৰ চিকিৎসাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

খানাপাৰাৰৰ মঞ্চৰ পৰা কংগ্ৰেছক সমালোচনা প্ৰধানমন্ত্ৰীৰ 

প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত কংগ্ৰেছক সমালোচনাৰ লক্ষ্য কৰি লয়। অসমৰ সকলো ধৰ্মীয়, ঐতিহ্যপূৰ্ণ অনুষ্ঠানৰ বিকাশ কথা উল্লেখ প্ৰধানমন্ত্ৰীগৰাকীৰ।

অসমক অভিনন্দন জনালে মোডীয়ে

আজি শুভ উদ্বোধন কৰা দুই প্ৰকল্প আৰু শিলন্যাস কৰা অন্যান্য প্ৰকল্পসমূহৰ বাবে অসমক অভিনন্দন জনালে প্ৰধানমন্ত্ৰীগৰাকীয়ে। আজি তেওঁ অসমত শুভাৰম্ভ কৰিলে মুঠ ১১ হাজাৰ ৬০০ কোটিৰ প্ৰকল্প। এই প্ৰকল্পসমূহৰ ভিতৰত আছে ৮৩২ কোটি টকাৰে নেহৰু ষ্টেডিয়াম উন্নীতকৰণ প্ৰকল্প, ৩৫৮ কোটি টকা ব্যয়ৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ সংযোগী পথ প্ৰকল্প,৩০০ কোটি টকা ব্যয়ৰে চন্দ্ৰপুৰ ষ্টেডিয়ামৰ প্ৰকল্প, ৫৭৮ কোটি টকা ব্যয়ৰে কৰিমগঞ্জ চিকিৎসা মহাবিদ্যালয় প্ৰকল্প, ৩,২৫০ কোটি টকা ব্যয়ৰে GMCHৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্প, ৪৯৮ কোটিটকীয়া মা কামাখ্যা কৰিডৰ প্ৰকল্প, ৩.৮৮৮ কোটি টকা ব্যয়ৰে ৩৮ খন দলংসহ ৪৩ টা পথৰ উন্নীতকৰণ প্ৰকল্প, ২৯৭ কোটি টকা ব্যয়ৰে ঐক্য ভৱন আদি।

প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰিলে ভাষণ

অসমীয়াতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰিলে নিজৰ ভাষণ। জনতাক অসমীয়াতে ক'লে- আপোনালোকক মোৰ আন্তৰিক শুভেচ্ছা।

প্ৰধান মন্ত্ৰীয়ে ভাৰ্ছুৱেলী উদ্বোধন কৰিলে প্ৰকল্পসমূহ

খানাপাৰাৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আনুষ্ঠানিকভাৱে ১১ হাজাৰ ৬০০ কোটি টকাৰ প্ৰকল্পৰ শুভ উদ্বোধন আৰু শিলান্যাস কৰিলে।

অসমে কেতিয়াও ভবা নাছিল ২৩ খনকৈ মেডিকেল কলেজ পাব- মুখ্যমন্ত্ৰী

নিজৰ ভাষণত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, মোডীৰ অসম প্ৰেমৰ বাবেই অসমৰ উন্নয়ন সম্ভৱ হৈ পৰিছে। ২৩ খনকৈ মেডিকেল কলেজ অসমত হ'ব বুলি কোনেও ভবা নাছিল। তেওঁ ভাষণত আজি উদ্বোধন হ'ব লগীয়া দোলাবাৰী-জামুগুৰি চাৰি লেমযুক্ত পথ, বিশ্বনাথ-গহপুৰ চাৰি লেনযুক্ত পথৰ লগতে শিলান্যাস কৰিবলগীয়া প্ৰকল্পসমূহৰ বিষয়েও উল্লেখ কৰে।

তিনিবছৰত অসমত নাই কোনো আন্দোলন- হিমন্ত বিশ্ব শৰ্মা

যোৱা ৩ বছৰত অসমত হোৱা নাই কোনো আন্দোলন। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। অসম উন্নয়নৰ দিশে অগ্ৰসৰ হৈছে। অসমত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হৈছে ১০ খনকৈ দলং, ১৫ খনকৈ কেঞ্চাৰ হাস্পতাল। ২ কোটি ৮৫ হাজাৰ লোকে লাভ কৰিছে বিনামূলীয়া চাউল।

প্ৰধানমন্ত্ৰীক কৃতজ্ঞতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

খানাপাৰাৰ ৰাজহুৱা সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৃতজ্ঞজা জনালে প্ৰধানমন্ত্ৰী মোডীক। তেওঁৰ শাসন কালতে অসম সন্ত্ৰাসমুক্ত হোৱা বুলি কৈ অসমত শান্তি ঘূৰি আহিছে বুলি উল্লেখ কৰে।

মুকলি বাহনত উঠি খানাপাৰলৈ আহিল প্ৰধানমন্ত্ৰী মোডী

অপেক্ষাৰ অন্ত। খানাপাৰালৈ আহিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। মুকলি বাহনত কাষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাক লৈ খানাপাৰা ফিল্ডলৈ আহিল প্ৰধানমন্ত্ৰীগৰাকী। জনসমুদ্ৰত পৰিণত হোৱা খেল পথাৰখনৰ চৌদিশে মোডী মোডী ধ্বনি।

লোকেলোকাৰণ্য খানাপাৰা

জনসমুদ্ৰত পৰিণত হৈছে খানাপাৰা। বেৰিকেট ভাঙি ফিল্ডত প্ৰৱেশ জনসাধাৰণৰ। কিছুক্ষণৰ পিছতেই আৰম্ভ হ'ব বিশাল জনসভাৰ।

কিছুসময়ৰ পিছতেই খানাপাৰাত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী

নিৰ্ধাৰিত সময় মতেই ১১.৩০ বজাৰ পৰাই আৰম্ভ হ'ব প্ৰধানমন্ত্ৰীৰ বিশাল জনসভা। এই জনসভালৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহিছে ৰাইজ। প্ৰায় ডেৰলক্ষাধিক লোকক সম্বোধন কৰিব মোডীয়ে।

খানাপাৰা প্ৰশাসনীয় মহাবিদ্যালয়ত নেতৃস্থানীয় লোকৰ সৈতে মোডীৰ বৈঠক

খানাপাৰা প্ৰশাসনীয় মহাবিদ্যালয়ত প্ৰায় ডেৰশ লোকৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়।অৱশ্যে এই সভাত কোন কোন উপস্থিত আছে এইপৰ্যন্ত জানিব পৰা নাই। অৱশ্যে ৰাজ্যৰ শিক্ষা, সাহিত্য়, সংস্কৃতি, স্বাস্থ্য, ক্ৰীড়া, বাণিজ্য আদি সকলো ক্ষেত্ৰৰে লোক উপস্থিত আছে বুলি খবৰ আহিছে।

ষ্টেডিয়াম, চিকিৎসালয়, পথ নিৰ্মাণৰ প্ৰকল্পৰো কৰিব শিলন্যাস

প্ৰধানমন্ত্ৰী মোডীয়ে আজি শিলন্যাস কৰিব

  • ৮৩২ কোটি টকাৰে নেহৰু ষ্টেডিয়াম উন্নীতকৰণ প্ৰকল্প।

  • ৩৫৮ কোটি টকা ব্যয়ৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ সংযোগী পথ প্ৰকল্প।

  • ৩০০ কোটি টকা ব্যয়ৰে চন্দ্ৰপুৰ ষ্টেডিয়ামৰ প্ৰকল্প।

  • ৫৭৮ কোটি টকা ব্যয়ৰে কৰিমগঞ্জ চিকিৎসা মহাবিদ্যালয় প্ৰকল্প।

  • ৩,২৫০ কোটি টকা ব্যয়ৰে GMCHৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্প।

  • ৪৯৮ কোটিটকীয়া মা কামাখ্যা কৰিডৰ প্ৰকল্প।

  • ৩.৮৮৮ কোটি টকা ব্যয়ৰে ৩৮ খন দলংসহ ৪৩ টা পথৰ উন্নীতকৰণ প্ৰকল্প।

  • ২৯৭ কোটি টকা ব্যয়ৰে ঐক্য ভৱন।

আজি অসমে পাব ১১ হাজাৰ ৬০০ কোটিৰ প্ৰকল্প

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি অসমত মুঠ ১১ হাজাৰ ৬০০ কোটি টকাৰ প্ৰকল্প শুভ উদ্বোধন আৰু শিলন্যাস কৰিব। তেওঁ শুভ উদ্বোধন কৰিব ১.৪৫৯ কোটি টকা ব্যয়ৰে নিৰ্মিত বিশ্বনাথ চাৰিআলি-গহপুৰ চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৫৯২ কোটি টকা ব্যয়ৰে নিৰ্মিত দোলাবাৰী-জামুগুৰি চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ।

গুৱাহাটীৰ মাজেৰে খানাপাৰাত উপস্থিত প্ৰধানমন্ত্ৰী

লোকপ্ৰীয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা বিশাল কনভয়ৰে প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হৈছেগৈ খানাপাৰাত। বিমান বন্দৰৰ পৰা খানাপাৰালৈকে এই গোটেই পথছোৱাত ৰাজপথৰ দুয়োপাৰে বহু লোকে মোডীক চাবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে।

মোডীৰ আগমণত স্তব্ধ জালুকবাৰী

প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ বাবে জালুকবাৰীৰ সকলো পথ স্তব্ধ হৈ পৰিছে। বিমানবন্দৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা প্ৰধানমন্ত্ৰীৰ কনভয়ৰ বাবে জালুকবাৰীৰ সকলো পথ বন্ধ কৰি দিয়া হৈছে। অৱশ্য়ে পথাৰ দুয়োকাষে ভিৰ কৰিছে বহু লোকে।

নিৰ্ধাৰিত সময়তকৈ পূৰ্বেই গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। সন্ধিয়া প্ৰায় ৬-৩০ বজাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত প্ৰধানমন্ত্ৰীগৰাকী। ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই জনালে আদৰণি।

সন্ধিয়া ৭-৩০ বজাত পাবহি বৰঝাৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আজি সন্ধিয়া ৭-৩০ বজাত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হ'ব। তাৰ পৰাই চিধাই গুৱাহাটীৰ মাজেৰে যাব কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালালৈ যাব। ইয়াতেই তেওঁ অংশগ্ৰহণ কৰিব ৰাজ্যিক বিজেপিৰ ক'ৰ কমিটীৰ বৈঠক। ইয়াৰ পাছত তেওঁ ৰাজ্যিক অতিথিশালাত নিশা পাৰ কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in