/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-12/comr4dh0/bangladesh-12.jpg)
মন্দিৰত চুৰি, প্ৰতিমা ধ্বংসঃ ৩৫ টা বিক্ষিত ঘটনাৰ সৈতে জড়িত ১৭ জনক গ্ৰেপ্তাৰ...
ডিজিটেল ডেস্কঃ শাৰীদয় দুৰ্গোৎসৱ চুবুৰীয়া বাংলাদেশতো সংখ্যলঘু হিন্দু সম্প্ৰদায়ৰ লোকসকলে অতি উলহ মালহৰে পালন কৰি আহিছে। দেশখনৰ অস্থিৰ ৰাজনৈতিক পৰিস্থিতিৰ মাজত এইবাৰো অনুৰূপ ধৰণেই দুৰ্গা পূজা অনুষ্ঠিত কৰা হৈছে।
অন্তৱৰ্তীকালীন চৰকাৰখনে দুৰ্গোৎসৱ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ সকলোধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে। পূজা কমিটীসমূহক সাহায্য আগবঢ়োৱাৰ লগতে নিৰাপত্তাৰ ক্ষেত্ৰতো তিনি তৰপীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে। হিন্দু লোকসকলে দীৰ্ঘদিনৰ পৰা দাবী কৰি অহা অনুসৰিয়েই দুৰ্গা পূজাৰ বাবে লাভ কৰা ছুটিও এইবাৰ এটা দিন বৃদ্ধি কৰিছে।
তাৰ মাজতো অৱশ্যে দুষ্কৃতিকাৰীৰ লক্ষ্য হৈ পৰিছে দুৰ্গা পূজাৰ একাংশ মণ্ডপ তথা মন্দিৰ। এনে পৰিস্থিতিত ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ে বাংলাদেশত হিন্দু মন্দিৰত হোৱা চুৰি আৰু সম্পত্তি ধব্বংসৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ভাষ্য প্ৰদান কৰিছে।
ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ে ঢাকা আৰক্ষীৰ উধৃতিৰে কয় যে, ঢাকা বাংলাদেশত এই মাহত চলি থকা শাৰদীয় দুৰ্গোৎসৱৰ সৈতে সম্পৰ্কিত ৩৫ বিক্ষিপ্ত ঘটনাৰ সৈতে জড়িত ১৭ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে।
বিদেশ মন্ত্ৰণালয়ৰ ফালৰ পৰা কৈছে, আমি ঢাকাৰ তাঁতীবজাৰ পূজা মণ্ডপত হোৱা আক্ৰমণ আৰু সাতখিৰাৰ জেশোৰেশ্বৰী কালী মন্দিৰত হোৱা চুৰি কাণ্ডক অতি গভীৰভাৱে লক্ষ্য কৰিছো। এয়া বহু দুখজনক ঘটনা। আমি কেইবাদিন ধৰি দেখিছো যে মন্দিৰ আৰু প্ৰতিমাসমূহ এক প্ৰণালীবদ্ধ আৰ্হি অনুসৰণ কৰি ক্ষতি কৰা হৈছে।
বিদেশমন্ত্ৰণালয়ে পুনৰ কয়, আমি বাংলাদেশ চৰকাৰক হিন্দু আৰু সকলো সংখ্যালঘু সম্প্ৰয়াদয়ৰ উপাসনাস্থলীসমূহ সুৰক্ষিত কৰিবলৈ আহ্বান জনাইছো।
Also Read: নিয়ম ৰক্ষাৰ যুঁজত ভাৰত- বাংলাদেশ