নিয়ম ৰক্ষাৰ যুঁজত ভাৰত- বাংলাদেশ

নিয়ম ৰক্ষাৰ যুঁজত ভাৰত- বাংলাদেশ

author-image
Asomiya Pratidin
New Update
নিয়ম ৰক্ষাৰ যুঁজত ভাৰত- বাংলাদেশ

ডিজিটেল ডেস্ক : ইতিমধ্যে বাংলাদেশৰ বিৰুদ্ধে টি-২০ শৃংখলা দখল কৰিছে ঘৰুৱা দল টীম ইণ্ডিয়াই। তিনিখনীয়া শৃংখলাৰ ২-০ৰ ব্যৱধানত এই শৃংখলা দখল কৰি আজি উভয় দল নিয়ম ৰক্ষাৰ বাবেহে অৱতীৰ্ণ হ’ব।

Advertisment

উত্তেজনাহীন হ’লেও আজিৰ মেচখন জয়ী হোৱাই মূল লক্ষ্য ঘৰুৱা দলটোৰ। আনহাতে প্ৰত্যাৱৰ্তনৰ সুযোগৰ অপব্যৱহাৰ নকৰাৰ পণ আলহী দল বাংলাদেশৰ।

আজিৰ এই মেচখন ৰাজীৱ গান্ধী আন্তৰ্জাতিক ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। ইতিমধ্যে ঘৰুৱা দল টীম ইণ্ডিয়াক হৰুৱাবলৈ বিশেষ ৰণকৌশল প্ৰস্তুত কৰিছে আলহী দলটোৱে। মেচৰ সময় সন্ধিয়া ৭-০০ বজাত।

Also Read: টেনিছক বিদায় জনালে ৰাফেল নাডালে...

ind vs ban