লাহোৰৰ বিমান বন্দৰত অগ্নিকাণ্ড : হজযাত্ৰীকে ধৰি আৱদ্ধ ভিন্ন দেশৰ যাত্ৰী

বিমানবন্দৰ কৰ্তৃপক্ষই আন্তঃৰ্জাতিক বিমান উৰণত বাধা প্ৰদান কৰিছে
লাহোৰৰ বিমান বন্দৰত অগ্নিকাণ্ড : হজযাত্ৰীকে ধৰি আৱদ্ধ ভিন্ন দেশৰ যাত্ৰী

ডিজিটেল ডেস্ক : লাহোৰৰ আল্লামা ইকবাল আন্তৰ্জাতিক বিমান বন্দৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। বৃহস্পতিবাৰে পুৱা ৫-০০ বজাত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা।

জানিব পৰা মতে শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হয় এই ঘটনা। বিমান বন্দৰটোৰ ইমিগ্ৰেচন কাউণ্টাৰৰ চিলিংত জুই লগা বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে।

কিছুসময়ৰ পাছতে বিধ্বসী জুইৰ শিখাই কাউণ্টাৰটোৰ আশে-পাশে চানি ধৰি বিভিষীকাৰ সৃষ্টি কৰে। ফলত বিমানবন্দৰটোত থকা হজযাত্ৰীকে ধৰি  ভিন্ন দেশৰ যাত্ৰীসকলৰ মাজত হাহাকৰময় পৰিস্থিতিৰ উদ্ভৱ হয়।

অৱশ্যে কিছুসময় পাছতে অগ্নিনিৰ্বাপক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ চেষ্টা কৰি থকা বুলি জানিব পৰা গৈছে। লগতে উদ্ধাৰকাৰী দলো ঘটনাস্থলীত উপস্থিত হৈছে।

আনহাতে উক্ত ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও বিমানযাত্ৰা কিছুসময়ৰ বাবে বাতিল কৰিছে। ইতিমধ্যএ বিমানবন্দৰ কৰ্তৃপক্ষই আন্তঃৰ্জাতিক বিমান উৰণত বাধা প্ৰদান কৰিছে।

লাহোৰৰ বিমান বন্দৰত অগ্নিকাণ্ড : হজযাত্ৰীকে ধৰি আৱদ্ধ ভিন্ন দেশৰ যাত্ৰী
আপুনি কওক চাৰ- ৯০% কৰিম নেকি উত্তীৰ্ণৰ হাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in