আপুনি কওক চাৰ- ৯০% কৰিম নেকি উত্তীৰ্ণৰ হাৰ...

আপুনি কওক চাৰ- ৯০% কৰিম নেকি উত্তীৰ্ণৰ হাৰ...

মৃদুল কুমাৰ সন্দিকৈ

অপেক্ষাৰ অন্ত পৰিল। বহু অভিভাৱক, ছাত্ৰ-ছাত্ৰী এই দিনটোৰ বাবে ৰৈ থাকে। হৰ্ষোল্লাসৰ মাজেৰে ভাল খবৰো আহে। অসমৰ ভিতৰত স্থান পোৱা ছাত্ৰ-ছাত্ৰীসকলৰ মুখবোৰ জিলিকি উঠে। মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰত্যাশিত ফলাফলে এটা অঞ্চললৈ জাগৰণ আনে। শৈক্ষিক উত্তৰণৰ পৰিৱেশ এনেকৈও সৃষ্টি হৈ আহিছিল যোৱা ৩৬টা বছৰে।

১৯৮৬চনৰ পৰা ঘোষণা কৰা হৈছিল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত তিনিটা শাখাত শীৰ্ষ স্থান লাভ কৰা মেধাৱী ছাত্ৰ-ছাত্ৰীৰ তালিকা। সেই ধাৰাবাহিকতা ২০২৪ত অন্ত পৰিল। নতুন শিক্ষানীতি অনুসৰি ঘোষিত ফলাফলত নাথাকিল কোনো স্থানপ্ৰাপ্তৰ নাম।

অথচ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাই সৌ সেইদিনালৈকে এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীৰ জীৱন গঢ়াৰ বুনিয়াদ আছিল। এই পৰীক্ষাই নিৰ্ণয় কৰিছিল ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত।

সময় সলনি হ’ল। প্ৰায় এলাগী হোৱাৰ পথত জীৱনৰ দুই পৰীক্ষা HSLC আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। শিক্ষাৰ মানৰ নতুন স্তৰ নিৰ্ণয় কৰা পটভূমিয়ে এই দুই পৰীক্ষাৰ পূৰ্বৰ গুৰুত্ব হয়তো হ্ৰাস কৰিলে।

তথাপিও মানুহৰ আগ্ৰহ কমা নাই। উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাক লৈ সেই একেই আবেগ বহুতৰ মাজত দেখা পোৱা গল। অৱশ্যে নাথাকিল সফলতাৰ মান নিৰূপনৰ বাবে বিভিন্ন শিক্ষা প্ৰতিষ্ঠানে স্থানপ্ৰাপ্তক লৈ কৰা প্ৰচাৰ।

ডিজিটেল ৰূপত এইবাৰো অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে প্ৰকাশ কৰিলে ফলাফলৰ সবিশেষ। কিন্তু সেই তথ্যসমূহ ক্ৰূৰ্টিমুক্ত নহল। আনহে নালাগে তিনিটা শাখাৰ কোনটো শাখাত কিমান শতাংশ ছাত্ৰ-ছাত্ৰী উৰ্ত্তীণ হল, তাৰে সঠিক হিচাপ দিয়াত ব্যৰ্থ হল সংসদ।

উচ্চতৰ মাধ্যমিকৰ জিলা অনুসৰি উৰ্ত্তীণ হাৰৰ যিখন তালিকা সংসদে প্ৰস্তুত কৰিছিল তাত কলা শাখাত পৰীক্ষাত অৱৰ্তীণ হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা উল্লেখ আছিল- ২০০৪৯৫গৰাকী। সংসদৰ ডিজিটেল সংস্কৰণৰ ফলাফলৰ ১০নম্বৰ পৃষ্ঠাত উল্লেখ কৰা এই তথ্য অনুসৰি কলা শাখাত উৰ্ত্তীণৰ হাৰ- ৮৯.১৮শতাংশ।  ইয়াৰে ৪০হাজাৰ ৪৯৯গৰাকীয়ে প্ৰথম স্থান, ৬৫৫৩২গৰাকীয়ে দ্বিতীয় স্থান, ৭২৭৭৫গৰাকীয়ে তৃতীয় স্থান আৰু মুঠ ১৭৮৮০৬গৰাকী উৰ্ত্তীণ হোৱা বুলি উল্লেখ আছে।

ইয়াৰ বিপৰীতে Abstract Results of higer secondary examination, 2024/ ARTS STREAM শীৰ্ষক তথ্যত একেখন ফলাফল বুকলেটৰ ৩১নং পৃষ্ঠাত থকা তথ্য সমূহ সম্পূৰ্ণ পৃথক। ইয়াত উল্লেখ কৰা মতে, উচ্চতৰ মাধ্যমিকৰ কলা শাখাত ২০২৪ত অৱৰ্তীণ হোৱা মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা উল্লেখ আছে- ২০১০৮৯গৰাকী বুলি। ইয়াৰে ৪১১৩৩গৰাকীয়ে প্ৰথম স্থান, ৬৪৪০৮গৰাকীয়ে দ্বিতীয় স্থান আৰু ৬৯৮৯০গৰাকীয়ে তৃতীয় স্থান পোৱা বুলি উল্লেখ আছে। উৰ্ত্তীণৰ হাৰ কলা শাখাত ২০২৪ত উল্লেখ কৰিছে ৮৩.৪৮শতাংশ বুলি।

এতিয়া প্ৰশ্ন হয়, কোনখিনি তথ্য শুদ্ধ। একেখন বুকলেটতে একেটা শাখাতে উৰ্ত্তীণৰ হাৰ, অৱৰ্তীণ হোৱা পৰীক্ষাৰ্থী, প্ৰথম বিভাগত উৰ্ত্তীণ হোৱা শিক্ষাৰ্থীৰ পৰিসংখ্যা পৃথক। কোনটো পৰিসংখ্যা সচাঁ! ইমান বিসংগতি কেনেকৈ সম্ভৱ!

ফলাফল ঘোষণাৰ এই পৰিসংখ্যাবোৰ শুদ্ধ আৰু সঠিক হোৱাতো প্ৰয়োজনীয়। উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে পৰীক্ষাৰ্থীৰ উৰ্ত্তীণৰ হাৰটোৱেই সঠিকভাৱে হিচাপ কৰাত বিফল হ’ল। কিমান ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱৰ্তীণ হৈছে সেই তথ্যও দিয়াত বেমেজালি কৰিলে। এয়াই নেকি দায়িত্ববোধ শিক্ষা সংসদৰ।  এয়াই নেকি নিষ্ঠাৰে কৰা কামৰ নমুনা!

কেৱল কলা শাখাতে নহয় বিজ্ঞান শাখাত জিলা পৰ্যায়ত উৰ্ত্তীণৰ হাৰ উল্লেখেৰে এই বুকলেটৰ ১১পৃষ্ঠাত যি তথ্য উল্লেখ কৰা হৈছে, সেই তথ্য মতে বিজ্ঞান শাখাত অৱৰ্তীণ পৰীক্ষাৰ্থীৰ সংখ্যা ৫৪৪৬০গৰাকী। ইয়াৰে ২৩৫৫২গৰাকীয়ে প্ৰথম বিভাগ, ১৭৩৩৯গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৮০৬২গৰাকীয়ে তৃতীয় বিভাগত উৰ্ত্তীণ হৈছে। উৰ্ত্তীণৰ সংখ্যা ৪৮৯৫৩ আৰু উৰ্ত্তীণৰ হাৰ ৮৯.৮৮শতাংশ।

ইফালে এই বুকলেটৰ ৬৮৩নং পৃষ্ঠাত Abstract Results of higer secondary examination, 2024/ SCIENCE STREAM উল্লেখ থকা তথ্য অনুসৰি, বিজ্ঞান শাখাত অৱৰ্তীণ হোৱা মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা ৫৪৫৫২গৰাকী।ইয়াৰে ২৫৪৩৭গৰাকী প্ৰথম বিভাগ, ১৮২০২গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৫৫৪৯গৰাকীয়ে তৃতীয় স্থান পোৱা দেখুৱাইছে। উৰ্ত্তীণৰ হাৰ HSৰ বিজ্ঞান শাখাত এই তথ্য মতে, ৯০.২৯শতাংশ।

উচ্চতৰ মাধ্যমিক বাণিজ্য শাখাতো পৰিসংখ্যাৰ ব্যাপক খেলিমেলি। জিলা পৰ্যায়ৰ উৰ্ত্তীণৰ হাৰ উল্লেখেৰে এই বুকলেটৰ ১২নং পৃষ্ঠাৰ তথ্য অনুসৰি, বাণিজ্য শাখাত মুঠ ১৭৩০৭গৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱৰ্তীণ হৈছিল। ইয়াৰে ৫৯১৫গৰাকীয়ে প্ৰথম বিভাগ, ৬০৮৭গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৩১৯৪গৰাকীয়ে তৃতীয় বিভাগত উৰ্ত্তীণ হৈছে। সেই তথ্য অনসুৰি, বাণিজ্য শাখাত উৰ্ত্তীণৰ হাৰ ৮৭.৮০শতাংশ।

আনহাতে, বুকলেটৰ ৯৩১পৃষ্ঠাত Abstract Results of higer secondary examination, 2024/ COMMERCE STREAM উল্লেখ থকা অনুসৰি, বাণিজ্য শাখাত অৱৰ্তীণ হোৱ মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা ১৭৩৯৫গৰাকী। ইয়াৰে প্ৰথম বিভাগত ৬১৯২গৰাকী, দ্বিতীয় বিভাগত ৬০৫২গৰাকী আৰু তৃতীয় বিভাগত ৩১১২গৰাকী উৰ্ত্তীণ হোৱা বুলি কোৱা হৈছে। উৰ্ত্তীণৰ হাৰ ৮৭.২৭শতাংশ বুলি উল্লেখ আছে ইয়াত।

এয়া কেনেকৈ সম্ভৱ? পৰিসংখ্যা ইমান কিয় খেলিমেলি একেখন বুকলেটতে। সঠিক পৰিসংখ্যাৰ সলনি ভাল ফলাফল দেখুৱাবলৈ কৰা খৰকতীয়া কুজকাৱাজত খোজে খোজে এই ভুলবোৰ ৰৈ গল নেকি?

কোনোবা এটা বিভাগত এটা বা দুটা পৰিসংখ্যা ভুল থাকিব পাৰে। কিন্তু প্ৰতিটো বিভাগতে এই পৰিসংখ্যা বিভ্ৰাটে এটা সন্দেহক পুনৰ বাৰ জগাই তুলিলে। এই গুৰুত্বপূৰ্ণ কামবোৰত উৰ্ত্তীণ হাৰৰ শতাংশক মেনিপুলেট কৰাৰ অভিযোগ আছে।

সেয়াই কৰিবলৈ গৈ হাঁহ চুৰে পাখি এৰি থৈ যোৱাৰ দৰে দশা হল নেকি শিক্ষা সংসদৰ। সুক্ষ্মভাৱে বিষয়টো বিশ্লেষণ কৰাই নহয়, কথাই পতি উফাইদাং মৰা শিক্ষামন্ত্ৰী ৰণোজ পেগুৱেও এই ভুল কিয় হ’ল তাৰ উত্তৰ দিয়াৰ প্ৰয়োজন আছে। কেৱল ভাল ৰিজাল্ট হৈছে বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিলেই নহ’ব  তেওঁ...

আপুনি কওক চাৰ- ৯০% কৰিম নেকি উত্তীৰ্ণৰ হাৰ...
বহুতক কন্দুৱাইছে ডাম্পাৰে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in