মদ্ৰিছ নে বানৌ ? তৃতীয় স্থানৰ বাবে যুঁজ ক্ৰৱেছিয়া আৰু মৰক্কোৰ মাজত...

মদ্ৰিছ নে বানৌ ? তৃতীয় স্থানৰ বাবে যুঁজ ক্ৰৱেছিয়া আৰু মৰক্কোৰ মাজত...

ডিজিটেল ডেস্ক : ২০১৮ৰ ৰাছিয়া বিশ্বকাপৰ ৰানাৰ্ছ আপ ক্ৰৱেছিয়া আৰু প্ৰথমবাৰৰ বাবে ছেমি-ফাইনেলত প্ৰৱেশ কৰা আফ্ৰিকান দল মৰক্কোৰ মাজত হ'ব যুঁজ তৃতীয় স্থানৰ বাবে । ইতিমধ্যেই বিশ্বকাপৰ শক্তিশালী দল সমূহৰ বিৰুদ্ধে খেল পথাৰত অৱতীৰ্ণ হোচাৰ অভিজ্ঞতাৰে পুষ্ট দুয়োটা দল । দুয়োটা দলৰ প্ৰতিৰক্ষা বিভাগৰ শৈলীৰ মাজতো দেখা যায় সাদৃশ্য । তেনেস্থলত ফাইনেলৰ পূৰ্বে তৃতীয় স্থানৰ বাবে হোৱা এই যুঁজৰ বাবে অপেক্ষাৰত সকলো ক্ৰীড়াপ্ৰেমী ।

কিন্তু এতিয়া প্ৰশ্ন হয় মদ্ৰিছ নে বানৌ ? কোনে লাভ কৰিব তৃতীয় স্থানৰ ট্ৰফী ? ফুটবল জগতৰ অন্যতম শ্ৰেষ্ঠ দলনায়ক তথা ভদ্ৰলোক খ্যাত লুকা মদ্ৰিছৰ এই খনেই হৈছে অন্তিম বিশ্বকাপ । আনহাতে, প্ৰথম বাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ কৰা মৰক্কোৰ দলটোৰ হাতত এতিয়াও আছে যথেষ্ট সময় । ল'বলৈ আছে ফুটবল জগতৰ বহু অভিজ্ঞতা । এই অভিজ্ঞতাই পৰৱৰ্তী সময়ত দলটিক সহায় কৰিব মনোবল গঢ়াত আৰু গুৰুত্বপূৰ্ণ খেলত মানসিক চাপ সহ্য কৰিব পৰা শক্তিৰ দিশত ।

কিন্তু এই তৃতীয় স্থালৰ খেলতো আছে বহু আশা, প্ৰত্যাশা । মৰক্কোৰ ডিফেন্স সহজে উৰুৱাই দিব পৰা বিধৰ যে নহয় সেইয়া ইতিমধ্যেই প্ৰমাণ কৰিছে দলটিয়ে । ডিফেণ্ডাৰৰ ওপৰিও দলটিৰ অন্যতম শক্তি হৈছে গ'লৰক্ষক বানৌ । আনহাতে, ক্ৰৱেছিয়াৰ মিডফিল্ডত আছে লুকা মদ্ৰিছ, ইভান পেৰিছিকৰ দৰে খেলুৱৈ যি গ'লৰ বাবে সুযোগ উলিয়াই দিয়াত অভিজ্ঞ হোৱাৰ ওপৰিও সময়ে সময়ে পেনাল্টী বক্সৰ ভিতৰত নিজকে ভয়ংকৰ বুলিও প্ৰমাণিত কৰি আহিছে ।

তেনেস্থলত এতিয়া অপেক্ষা মাথো খেললৈ...                                

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in