অপৰাধে জুৰুলা কৰা মৰক্কো আৰু বিশ্বকাপ...

অপৰাধ আৰু দুৰ্বল অৰ্থনীতিয়ে জুৰুলা কৰি থৈ যোৱা এখন দেশ । পৰ্যটকৰ বাবে সন্ত্ৰাসৰ কাৰণ এইখন দেশ । ইয়াৰ ওপৰিও অবৈধ অনুপ্ৰৱেশকাৰীৰ সমস্যাও আছে । অৱশ্যে অভাৱ, অনাটনে জুৰুলা কৰা দেশ এখনৰ লোক সকল স্বভাৱজাত ভাৱে কিছু হিংসুক হোৱাতো স্বাভাৱিক । এই স্বভাৱ সংগ্ৰামে সৃষ্টি কৰা । এই স্বভাৱ পৰিৱেশে সৃষ্টি কৰা ।
অপৰাধে জুৰুলা কৰা মৰক্কো আৰু বিশ্বকাপ...

জয়দীপ নাৰায়ণ দেব

অপৰাধ আৰু দুৰ্বল অৰ্থনীতিয়ে জুৰুলা কৰি থৈ যোৱা এখন দেশ । পৰ্যটকৰ বাবে সন্ত্ৰাসৰ কাৰণ এইখন দেশ । ইয়াৰ ওপৰিও অবৈধ অনুপ্ৰৱেশকাৰীৰ সমস্যাও আছে । অৱশ্যে অভাৱ, অনাটনে জুৰুলা কৰা দেশ এখনৰ লোক সকল স্বভাৱজাত ভাৱে কিছু হিংসুক হোৱাতো স্বাভাৱিক । এই স্বভাৱ সংগ্ৰামে সৃষ্টি কৰা । এই স্বভাৱ পৰিৱেশে সৃষ্টি কৰা ।

বিশ্বজোৰা সংকট কভিদ-১৯ৰ সময়ছোৱাত দেশখনে ভূগিব লগীয়া হৈছিল চৰম আশংকাত । উন্নত স্বাস্থ্যখণ্ডৰ অভাৱত মৃত্যুক সাৱটি লৈছিল এজনৰ পাছত আনজনে। সমুদ্ৰৰ ভয়াৱহতাকো নেওচি ডিঙাৰ বুকুত শ শ লোক অভিমুখী হৈছিল চুবুৰীয়া ৰাষ্ট্ৰ স্পেইনলৈ ।

কেৱল সমুদ্ৰ পৃষ্ঠৰ সহায়েৰেই নহয় বৰং লোহাৰ ফেন্স বগুৱাইও স্পেইনলৈ লুকাই চুৰকৈ গৈছিল মৰক্কোৰ বহু নাগৰিক । কিন্তু এই বিপদসংকুল যাত্ৰাত মৃত্যু হ'ল বহুতৰ । সমুদ্ৰই প্ৰকাণ্ড ঢৌৰে নিজৰ বুকুত চিৰ দিনৰ বাবে নিদ্ৰাৰত কৰিলে বহু প্ৰব্ৰজনকাৰীক।

লোহাৰ ফেন্সিং বগাই মৃত্যু মুখত পৰিল আন বহু কেইজন । স্পেইনৰ আৰক্ষীয়ে সীমান্তত গুলিয়াই হত্যা কৰিলে কেইবা জনকো । সফলতাৰে স্পেইনত প্ৰৱেশ কৰিও শেষ নহ'ল এওঁলোকৰ দুৰ্দশা ।

আশ্ৰয় শিবিৰ সমূহত স্পেইনৰ চৰকাৰে চলালে অভিযান । আতৰি যাবলৈ দিয়া হ'ল শৰণাৰ্থী সকলক । কেৱল দুটা দিনতেই ৩৫০০ শৰণাৰ্থীয়ে স্পেইনত অবৈধভাৱে প্ৰৱেশ কৰিবলৈ চলাইছিল চেষ্টা কিন্তু সফল হ'ল মাত্ৰ ১০০০ গৰাকী ।

এই নানান সমস্যাৰে জৰ্জৰিত, ভাৰাক্ৰান্ত দেশখনে এইবাৰ কাটাৰ বিশ্বকাপৰ ছেমি ফাইনেল খেলিব শক্তিশালী ফ্ৰান্সৰ বিৰুদ্ধে । প্ৰথম বাৰৰ বাবে কোনো আফ্ৰিকান দলে বিশ্বকাপৰ ছেমি ফাইনেল খেলিবলৈ পাব এই কাটাৰ বিশ্বকাপত ।

তাতোকৈ ডাঙৰ কথ‍া মৰক্কোৱে এতিয়ালৈ বিশ্বকাপত খেলিছে ৫ খন খেল । গ্ৰুপ পৰ্যায়ত ৩ খন, নক-আউট পৰ্যায়ত ১ খন আৰু কোৱাৰ্টাৰ ফাইনেলত ১ খন । এই ৫ খন খেলত মৰক্কোৱে গ'ল হজম কৰিছে মাত্ৰ ১ টা ।

২০১০ বিশ্বকাপত স্পেইনে সমগ্ৰ টুৰ্নামেন্ট খনত হজম কৰিব লগীয়া হৈছিল মাত্ৰ ১ টা গ'ল । এই সমগ্ৰ সফলতাৰ আৰত আছিল স্পেইনৰ গ'লৰক্ষক আইকাৰ কেছিলাছৰ দুৰ্দান্ত প্ৰদৰ্শন ।

শান্ত এহাল চকুৰ আৰত আছিল সুপ্ত একুৰা জুই । এই উমি উমি জ্বলি থকা জুইকুৰাই চাৰখাৰ কৰিছিল বিপক্ষক । প্ৰতিপক্ষই নেটলৈ ঠেলি পঠিওৱা প্ৰতিটো শ্বটৰ মাজত আছিল কেছিলাছ ।

ঠিক একেই দৃশ্য দেখা গ'ল মৰক্কোৰ গ'লৰক্ষকৰ ক্ষেত্ৰতো । এতিয়ালৈ হজম কৰিছে কেৱল এটা গ'ল । প্ৰতিপক্ষই এতিয়া মৰক্কোৰ চাৰিজনকৈ ডিফেণ্ডাৰক অতিক্ৰম কৰি পুনৰ গ'লৰক্ষক বানৌকো পৰাস্ত কৰিব লগীয়া হৈ পৰিছে ।

এয়াই যেন প্ৰকৃত গ'লৰক্ষকৰ পৰিচয় । ২০১০ৰ বিশ্ব চেম্পিয়ন তথা টিকি-টাকা শৈলীৰ ফুটবলৰ জনক স্পেইনক ৩-০ গ'লত পৰাস্ত কৰি মৰক্কোৱে দিছিল ফুটবল জগতত মৰক্কোৰ আগ্ৰাসনৰ উমান । আৰু সেই উমানৰ সোতে সোতেই মৰক্কো এতিয়া বিশ্বকাপৰ ছেমি ফাইনেলত ।

কেৱল শক্তিশালী ডিফেন্স আৰু প্ৰত্যাক্ৰমণৰ বলতেই ছেমি ফাইনেল পালেহি মৰক্কো । কিন্তু ফাইনেললৈ যাত্ৰা মসৃণ নহয় দলটোৰ । কিয়নো সন্মুখত আছে ফ্ৰান্স । শক্তিশালী মিডফিল্ড আৰু ফৰৱাৰ্ডেৰে পুষ্ট ফ্ৰান্স ।

শেহতীয়াকৈ ফুটবলৰ সৰ্বশ্ৰেষ্ঠ সন্মান বেলন ডি' অৰ লাভ কৰা বেঞ্জেমা, বৰ্তমানৰ যুৱ খেলুৱৈৰ ভিতৰত অন্যতম এমবাপে, অভিজ্ঞ  গ্ৰীজমেন আছে ফৰৱাৰ্ডত । ডিফেন্সত আছে মানচেষ্টাৰ ইউনাইটেডৰ দৰে ক্লাবৰ খেলুৱৈ ভাৰানে ।

কিন্তু এই ফ্ৰান্স দলো নহয় সমস্যাৰ পৰা মুক্ত । বৰ্ণ বৈষম্যই জুৰুলা কৰি গৈছে ফ্ৰান্সক । বৰ্তমানৰ ফ্ৰান্স দলটিত আছে আফ্ৰিকান মূলৰ বহু কেইজন কৃষ্ণকায় খেলুৱৈ । এই খেলুৱৈ কেইজনে ৰাষ্ট্ৰীয় দলত স্থান পাবলৈ কৰিব লগীয়া হৈছিল যথেষ্ট সংগ্ৰাম ।

বৰ্ণ বৈষম্যৰ সন্মুখীন হৈ ইতিমধ্যে ফুটবল বাদ দিবলগীয়া হৈছে বহু কেইজন ইউৰোপীয়ান খেলুৱৈয়ে । আৰু কেৱল ছালৰ ৰঙৰ বাবেই নহয় বৰং ধৰ্মৰ বাবেও সন্মুখীন হৈছিল বহু প্ৰতিবাদৰ । জাৰ্মানীৰ ইছলাম ধৰ্মী খেলুৱৈ তথা দলটিৰ নিৰ্ভৰযোগ্য মিডফিল্ডাৰ অ'জিল আছিল এই বৈষম্যৰ চিকাৰ ।

কোৱা হয়, ৰাজনীতি, ধৰ্ম, বৰ্ণ সকলোৰে উৰ্ধত ক্ৰীড়া । কিয়নো ক্ৰীড়াত খেলুৱৈ এজনৰ মান নিৰ্ধাৰণ কৰা নহয় এই সকলোৰে । কিন্তু দেশ এখনত প্ৰচলিত সমস্যা সমূহৰ পৰা জানো মুক্ত খেলুৱৈ এজন ?

এগৰাকী খেলুৱৈও তেজ-মঙহেৰেই গঢ়া । জীৱনত থাকে বহু সমস্যা । যিদৰে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ ৰ'নাল্ডোৰ সন্তানটিৰ মৃত্যুৰ পাছত ভাঙি পৰিছিল খেলুৱৈজনে কিন্তু তাৰ পাছতো বিশ্বকাপত নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰিছিল খেলুৱৈজনে ।

ঠিক তেনেদৰেই সামাজিক-ৰাজনৈতিক সমস্যাৰে জৰ্জিত দেশ আফগানিস্তানৰ ক্ৰিকেট দলটোৱেও সকলো পাহৰি অৱতীৰ্ণ হয় খেল পথাৰত । খেলুৱৈসকলৰ স্পৃহা দেখিলে কোনোৱেই ক'ব নোৱাৰিব দেশখনত জ্বলি থকা জুইকুৰাৰ কথা ।

এই সকলোবোৰৰ মাজত কাটাৰ বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেল খেলিব মৰক্কো আৰু ফ্ৰান্সে । বিজয়ী হ'ব কোনোবা এটা দল । হয়তো এই দল দুটাৰ কোনোবাই চেম্পিয়নৰ খিতাপো দখল কৰিব ।

ফ্ৰান্স ফাইনেলত জয়ী হ'লে ক্ৰমাগত দ্বিতীয় বাৰৰ বাবে বিজয়ী হ'ব দলটো । আনহাতে মৰক্কো হ'লে প্ৰথমবাৰৰ বাবে কোনো আফ্ৰিকান দলে ফিফা বিশ্বকাপৰ বিজয়ী হোৱাৰ সোৱাদ লাভ কৰিব ।

কিন্তু ডিছেম্বৰৰ ১৯ তাৰিখে দল সমূহ উভতি যাব নিজ নিজ দেশলৈ । অনাগত ৪ বছৰলৈ নাথাকিব বিশ্বকাপৰ জ্বৰ । থাকিব কেৱল বুভুক্ষ, ক্ষোভিত আৰু হতাশাত ভুগি থকা এজাক ৰাইজ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in