হঠাৎ কিয় বন্ধ হৈ গ'ল ফেচবুক, ইনষ্টাগ্ৰাম...

বিশ্বজুৰি ডাউন ফেচবুক, ইনষ্টাগ্ৰাম...
হঠাৎ কিয় বন্ধ হৈ গ'ল ফেচবুক, ইনষ্টাগ্ৰাম...
হঠাৎ কিয় বন্ধ হৈ গ'ল ফেচবুক, ইনষ্টাগ্ৰাম...

ডিজিটেল ডেস্কঃ হঠাৎ বিশ্বজুৰি হুলস্থুল। নিষ্ক্ৰিয় হৈ পৰিল ফেচবুক আৰু ইনষ্টাগ্ৰাম। কেৱল ভাৰততে নহয়, সমগ্ৰ দেশজুৰি সৃষ্টি হৈছে এই সমস্যাৰ।

৫ মাৰ্চে মঙ্গলবাৰে নিশা প্ৰায় ৯ বজাৰ বৰা হঠাৎ নিষ্ক্ৰিয় হৈ পৰে মেটাৰ অধিনস্থ ফেচবুক আৰু ইনষ্টাগ্ৰাম। ব্যৱহাৰকাৰীয়ে ব্যৱহাৰ কৰি থকাৰ মাজতে হঠাৎ বন্ধ হৈ পৰে সকলো।

মোবাইলৰ স্ক্ৰিণত দেখুৱাইছে কেৱল ছেচন এক্সপ্ৰাইয়াৰ্ড। কোৱা হৈছে পুনৰ একাউণ্ট লগ ইন কৰিবলৈ। কিন্তু বাৰে বাৰে চেষ্টা কৰিও ব্যৱহাৰকাৰীসকলে নিজৰ একাউণ্ট লগইন কৰিব পৰা নাই।

ইফালে টুইটাৰত ফেচবুক, ইনষ্টাগ্ৰাম ডাউন হোৱাৰ বিষয়টোৱে ধুমুহাৰ সৃষ্টি কৰিছে। টুইটাৰত মুহুৰ্ততে ট্ৰেণ্ডিঙলৈ আহে ফেচবুক, ইনষ্টাগ্ৰাম ডাউন বিষয়টোৱে। অৱশ্যে বাতৰি লিখাৰ সময়লৈকে কিয় এই সমস্যাৰ সৃষ্টি হৈছে সেয়া জানিব পৰা নাই যদিও সন্দেহ কৰা হৈছে মেটাৰ কিছু কাৰিকৰী বিজুটিৰ বাবেই এই সমস্যাৰ সৃষ্টি হৈছে।

হঠাৎ কিয় বন্ধ হৈ গ'ল ফেচবুক, ইনষ্টাগ্ৰাম...
বাসুগাঁও চহৰৰ বাট-পথ উন্নয়নৰ বাবে চাৰি কোটি টকা আৱণ্টন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in