বাসুগাঁও চহৰৰ বাট-পথ উন্নয়নৰ বাবে চাৰি কোটি টকা আৱণ্টন...

"মুখ্যমন্ত্ৰী নগৰীয়া পকী পথ নিৰ্মাণ আচঁনি"ৰ অধীনত গৌৰৱ পথৰ শিলান্যাস বিধায়ক জয়ন্ত বসুমতাৰীৰ
বাসুগাঁও চহৰৰ বাট-পথ উন্নয়নৰ বাবে চাৰি কোটি টকা আৱণ্টন...
বাসুগাঁও চহৰৰ বাট-পথ উন্নয়নৰ বাবে চাৰি কোটি টকা আৱণ্টন...

ডিজিটেল সংবাদ চিৰাং: আজি অসম চৰকাৰৰ 'বিকাশ যাত্ৰা' কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি বাসুগাঁও পৌৰসভাৰ অন্তৰ্গত ৩ নং ৱাৰ্ডৰ থানা চাৰিআলিত "মুখ্যমন্ত্ৰী নগৰীয়া পকী পথ নিৰ্মাণ আচঁনি" অধীনত গৌৰৱ পথৰ শিলান্যাস কৰা হয়। থানা চাৰিআলিৰ পৰা থুৰিবাৰী সংলগ্ন ৫০০ মিটাৰ দৈৰ্ঘ্যৰ গড়কাপ্তানী পথছোৱা ''মুখ্যমন্ত্ৰী নগৰীয়া পকী পথ নিৰ্মাণ আচঁনি"ৰ অধীনত গৌৰৱ পথ হিচাপে উন্নিতকৰণ কৰাৰ আধাৰশিলা স্থাপন কৰে চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে।

দৰাচলতে বাসুগাঁও চহৰৰ এই গৌৰৱ পথৰ আধাৰশিলা স্থাপন কৰাৰ কথা আছিল অসমৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী তথা জিলাখনৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ। কিন্তু সময়ৰ নাটনিৰ বাবে মন্ত্ৰীগৰাকীৰ হৈ স্থানীয় বিধায়ক জয়ন্ত বসুমতাৰীয়ে ইউ পি পি এল দলৰ দলীয় নেতা কৰ্মীসকলৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰে।

বিধায়ক জয়ন্ত বসুমতাৰীয়ে কয় যে, অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমখনক দেশৰ ভিতৰত এখন উন্নত ৰাজ্য হিচাপে গঢ় দিবলৈ বহুকেইটা অভিলাষী আঁচনি হাতত লৈছে । তাৰে ভিতৰত নগৰ, চহৰসমূহৰ উন্নত যাতায়াত ব্যৱস্থা লগতে সৌন্দৰ্য্যবদ্ধন কৰাৰ ক্ষেত্ৰতো গুৰুত্ব ঐআৰোপ কৰিছে।

তাৰ অংশ হিচাপে চিৰাং জিলাৰ অন্যতম বাণিজ্যিক চহৰ বাসুগাঁৱত বাটপথৰ উন্নয়নৰ বাবে চাৰি কোটি টকা ব্যয় সাপেক্ষে কেবাটাও আচঁনি হাতত লোৱা হৈছে। তাৰে ভিতৰত বাসুগাঁও থানা চাৰিআলিৰ পৰা থুৰিবাৰী সংলগ্ন পাঁচশ মিটাৰ দৈৰ্ঘ্যৰ ''মুখ্যমন্ত্ৰী নগৰীয়া পকী পথ নিৰ্মাণ আচঁনি"ৰ অধীনত গৌৰৱ পথ হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে।

এই গৌৰৱ পথৰ দুয়োকাষে নলা থাকিব, পোহৰৰ ব্যৱস্থা থাকিব। পথৰ দুয়োকাষে সৌন্দৰ্য্যবৰ্ধন কৰা গছপুলি ৰোপণ কৰা হ'ব বুলি বিধায়ক জয়ন্ত বসুমতাৰীয়ে সদৰি কৰে ।

বাসুগাঁও চহৰৰ বাট-পথ উন্নয়নৰ বাবে চাৰি কোটি টকা আৱণ্টন...
সোণাৰিত প্ৰধানমন্ত্ৰী মোদীক আদৰিবলৈ প্ৰস্তুতি আৰু পৰ্যবেক্ষণ সভা সম্পন্ন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in