প্ৰাক্তন পাকিস্তানী প্ৰধানমন্ত্ৰী পাৰভেজ মুছাৰফৰ দেহাৱসান

প্ৰাক্তন পাকিস্তানী প্ৰধানমন্ত্ৰী পাৰভেজ মুছাৰফৰ দেহাৱসান

ডিজিটেল ডেস্ক : পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী পাৰভেজ মুছাৰফ আৰু নাই । ৰবিবাৰে ইউনাইটেড আৰৱ এমিৰেটছৰ 'আমেৰিকান হস্পিতাল' নামৰ চিকিৎসালয় খনত মৃত্যুবৰণ কৰে নেতা গৰাকীয়ে । নেতা গৰাকীৰ মৃত্যু সম্পৰ্কে পৰিয়ালৰ লোকে সংবাদ মাধ্যমক জনোৱা অনুসৰি, পাৰভেজ মুছাৰফে বিগত কিছু দিন ধৰি এমিলইডছিচ নামৰ এক দুৰাৰোগ্য ব্যাধিত আক্ৰান্ত হৈ আছিল । আৰু শেহতীয়াকৈ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত চিকিৎসাধীন কৰাব লগীয়া হৈছিল নেতা গৰাকীক ।

উল্লেখ্য যে, এক বৰ্ণিল ৰ‍াজনৈতিক জীৱনৰ গৰাকী আছিল মুছাৰফ । পাকিস্তানৰ ৰাজনীতিৰ সকলো উত্থাপ-পতনেই একপ্ৰকাৰ পৰিলক্ষিত কৰিছিল নেতা জনে । প্ৰথমে সেনাধক্ষ্যৰ পৰা ১৯৯৯ চনৰ সেনাৰ অভ্যুথানৰ জৰিয়তে দেশখনৰ প্ৰধানমন্ত্ৰীৰ গাদীত বহিছিল মুছাৰফ ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in