৯ ফেব্ৰুৱাৰীৰ পৰা ভাৰত অষ্ট্ৰেলিয়াৰ মহাৰণ, ট্ৰেইনিং গ্ৰাউণ্ডত অশ্বিনৰ কাৰ্বন কপী

৯ ফেব্ৰুৱাৰীৰ পৰা ভাৰত অষ্ট্ৰেলিয়াৰ মহাৰণ, ট্ৰেইনিং গ্ৰাউণ্ডত অশ্বিনৰ কাৰ্বন কপী

ডিজিটেল ডেস্ক : ৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ । অষ্ট্ৰেলিয়াৰ বেগী আৰু বাউন্সাৰ পিটছৰ পৰিৱৰ্তে ভাৰত আৰু নিকটৱৰ্তী উপমহাদেশীয় পিটছ সমূহ লেহেমীয়া আৰু স্পিনৰ বাবে উত্তম । সেই বাবেই ভাৰতে প্ৰস্তুত কৰি তোলা স্পিনাৰে এসময়ত দমন কৰিছিল সমগ্ৰ বিশ্বক । ত্ৰাসৰ সৃষ্টি কৰিছিল হঠাতেই বলৰ দিশ সলনি কৰি ।

এই ভয় এতিয়াও মাৰ যোৱা নাই বিদেশী ৰাষ্ট্ৰসমূহৰ মনৰ পৰা । যাৰ বাবেই অষ্ট্ৰেলিয়ান দলে অনুশীলনীৰ বাবে খেলপথাৰলৈ আনিব লগীয়া হ'ল ভাৰতীয় বলাৰ ৰবিচন্দ্ৰন অশ্বিনৰ দৰেই বলিং কৰা শিৱক । অফ স্পিনাৰ শিৱৰ বলিং কৰা শৈলী  সম্পূৰ্ণ ৰূপে যেন অশ্বিনৰ দৰেই ।

ভাৰতীয় পিটছত অভিজ্ঞ বলাৰ ৰবিচন্দ্ৰন অশ্বিন কিমান বিপদজনক হ'ব পাৰে সেইয়া নতুনকৈ ক্ৰীড়াপ্ৰেমীক কোৱাৰ প্ৰয়োজন নাই । কিন্তু অষ্ট্ৰেলিয়াৰ দৰে এক শক্তিশালী দলে যি দলত এসময়ত আছিল শ্বেন ৱাৰ্নৰ দৰে যাদুকৰী স্পিনাৰ এই পদক্ষেপ গ্ৰহণ কৰাৰ পৰাই দলটোৱে শৃংখলাটোক কিমান গুৰুত্বশহকাৰে লৈছে সেইয়া প্ৰমাণ হয় ।

অৱশ্যে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত পূৰ্বৰে পৰাই দুয়োখন দেশে সমস্ত উজাৰি প্ৰদৰ্শন দাঙি ধৰে । ভাৰতীয় টেষ্ট দলটোও বৰ্তমান শক্তিশালী । প্ৰত্যাৱৰ্তন ঘটিছে বহু কেইজন অভিজ্ঞ খেলুৱৈৰ । ৰাইজে বহু দিনৰ পিছত দেখিবলৈ পাব চেতেশ্বৰ পুজাৰা আৰু ৰবিন্দ্ৰ জাদেজাক । লগতে উভতি আহিছে উমেশ যাদৱ, মহম্মদ শ্বামীও ।

আনহাতে অষ্ট্ৰেলিয়ান দলত আছে নাথান লিয়ন, মিছেল ষ্টাৰ্কৰ দৰে ব'লাৰ যি মুহুৰ্ততে তাচপাতৰ দৰে খহাই দিব পাৰে প্ৰতিপক্ষৰ বেটিং লাইন আপ । মুঠতে দুয়ো দলৰে প্ৰস্তুতি তুংগত, এতিয়া অপেক্ষা মাথো ৯ ফেব্ৰুৱাৰীলৈ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in