আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পক গ্ৰেপ্তাৰ...

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পক গ্ৰেপ্তাৰ...

ডিজিটেল ডেস্ক : ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে উৎকোচৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে আমেৰিকাৰ প্ৰকান্ত ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পক । এই গোচৰত নিউয়ৰ্কৰ মানহাটন আদালতত আত্মসমৰ্পন কৰে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে । ৰাষ্ট্ৰপতি গৰাকীৰ লগত অবৈধ সম্পৰ্ক আছিল ট্ৰাম্পে উৎকোচ দিয়া প্ৰাপ্তবয়স্ক ছবিৰ অভিনেত্ৰী ষ্টৰ্মী ডেনিয়েলছৰ ।

২০১৬ চনৰ নিৰ্বাচনৰ পূৰ্বে এই সম্পৰ্ক ৰাজহুৱা নকৰিবলৈ উৎকোচ দিছিল ট্ৰাম্পে । এই ঘটনাক লৈ মানহাটন আদালতত ৰুজু হৈছিল এক গোচৰ ।

উল্লেখ্য যে, এই গোচৰৰ বিচাৰৰ অগ্ৰগতিৰ লগে লগে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক গ্ৰেপ্তাৰ কৰাতো প্ৰায় নিশ্চিত হৈ পৰিছিল । এনে পৰিস্থিতিত ট্ৰাম্পে ন্যায়ালয়ত আত্মসমৰ্পনৰ সিদ্ধান্ত লয় আৰু মানহাটন আদালতত উপস্থিত হয়গৈ । ইয়াৰ লগে লগেই তেওঁক গ্ৰেপ্তাৰ কৰা হয় বুলি জানিব পৰা গৈছে ।

আনহাতে, তেওঁক যাতে গ্ৰেপ্তাৰ কৰা নহয় তাৰ বাবে তেওঁৰ কেইবাশ সমৰ্থকে আদালতৰ চৌহদত ভিৰ কৰিছিল ।

ইয়াৰ পূৰ্বেও দুবাৰকৈ এনে ধৰণৰ গুৰুতৰ অভিযোগত অভিযুক্ত হৈছিল ট্ৰাম্প । তেৱেই হৈছে এনেদৰে  দুবাৰকৈ গুৰুতৰ অপৰাধত অভিযুক্ত হোৱা আৰু গ্ৰেপ্তাৰ হোৱা প্ৰথমগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতি ।

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পক গ্ৰেপ্তাৰ...
আজি প্ৰথমবাৰৰ বাবে আই পি এলৰ মেচ অনুষ্ঠিত কৰিবলৈ গৈ আছে অসমে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in