আজি প্ৰথমবাৰৰ বাবে আই পি এলৰ মেচ অনুষ্ঠিত কৰিবলৈ গৈ আছে অসমে...

আজি প্ৰথমবাৰৰ বাবে আই পি এলৰ মেচ অনুষ্ঠিত কৰিবলৈ গৈ আছে অসমে...

ডিজিটেল ডেস্ক : পোন প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ'বলৈ গৈ আছে টি-২০ সংস্কৰণৰ ক্ৰিকেটৰ জনপ্ৰিয় আই পি এল । আজি ৫ এপ্ৰিল আৰু আগন্তুক ৮ এপ্ৰিলত ঘৰুৱা দল ৰাজস্থান ৰয়েলছে ক্ৰমে পাঞ্জাৱ কিংছ আৰু দিল্লী ডেয়াৰডেভিলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব এই দুখন মেছত ।

ইতিমধ্যে সাজু খেলপথাৰ, সাজু প্ৰশাসন আৰু সাজু ৰাইজ । সকলো আই পি এলৰ প্ৰিয় খেলুৱৈসকলক এবাৰ কাষৰ পৰা চাবলৈ, যি ইমান দিনে গৰিষ্ঠ সংখ্যকৰ বাবে সম্ভৱ হৈছিল কেৱল টেলিভিছন অথবা ম'বাইলৰ স্ক্ৰীণত হে । এইবাৰ খেল হ'ব গুৱাহাটীত । ইতিমধ্যে টিকেট বিক্ৰীৰ পৰাই প্ৰমাণ হৈছে অসমৰ ৰাইজ আই পি এলৰ দুয়োখন মেচ সন্দৰ্ভত কিমান আগ্ৰহী ।

উল্লেখ্য যে, ইতিমধ্যে দুয়োটা দলৰেই প্ৰস্তুতিও সম্পূৰ্ণ হৈ উঠিছে । সন্ধিয়া ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হ'ব লগীয়া মেচখনৰ বাবে ৰাজ্যৰ প্ৰশাসনে ইতিমধ্যে জাৰী কৰিছে কেইবাটাও নীতি-নিৰ্দেশনা । নিৰ্ধাৰণ কৰি দিছে বৰ্ষাপাৰালৈ অহা যোৱা কৰিব লগীয়া বাট-পথ ।

মুঠতে সমগ্ৰ ৰাজ্য আই পি এলৰ উছাহত মগ্ন । তাতোকৈ ডাঙৰ কথা, ৰাজস্থান ৰয়েলছত আছে অসমৰেই ৰিয়ান পৰাগ । বিগত সংস্কৰণ কেইটাত সন্তোষজনক ফলাফল ডাঙি ধৰা ৰিয়ান পৰাগে ঘৰুৱা পৰিৱেশত কিদৰে উজলি উঠে সেইয়াও হ'ব লক্ষণীয় ।

আজি প্ৰথমবাৰৰ বাবে আই পি এলৰ মেচ অনুষ্ঠিত কৰিবলৈ গৈ আছে অসমে...
কাজিৰঙাক মনে প্ৰাণে ভাল পোৱা এগৰাকী বিদেশী পৰ্যটক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in