দিন বেয়া! ১ বছৰত ইলন মাস্কে হেৰুৱালে ১০০ বিলিয়ন ডলাৰ...

নিজৰ সম্পত্তিক লৈ চৰ্চাত থকা ইলন মাস্কে এইবাৰ হেৰুৱাইছে বহু বিলিয়ন ডলাৰৰ সম্পত্তি। এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য।
elon musk
elon musk

ডিজিটেল ডেস্ক: বিগত কেইটামান দিনৰ পৰা প্ৰায়েই চৰ্চাত আছে বিশ্বৰ ধনী ব্যক্তি ইলন মাস্ক। নিজৰ সম্পত্তিক লৈ চৰ্চাত থকা ইলন মাস্কে এইবাৰ হেৰুৱাইছে বহু বিলিয়ন ডলাৰৰ সম্পত্তি।

এলন মাস্কে এবছৰত ১০০ বিলিয়ন ডলাৰৰ সম্পত্তি হেৰুৱায়। অন্যহাতে টেছলা ইনক.-ৰ শ্বেয়াৰও দুবছৰৰ ভিতৰত সৰ্বনিম্ন স্তৰলৈ হ্ৰাস পাইছে।

ব্লুমবাৰ্গৰ এক প্ৰতিবেদন প্ৰকাশ পোৱা তথ্য অনুসৰি, টেছলাৰ সহ-প্ৰতিষ্ঠাপক এতিয়াও ১৬৯.৮ বিলিয়ন ডলাৰৰ মুঠ সম্পত্তিৰ সৈতে বিশ্বৰ আটাইতকৈ ধনী ব্যৱসায়ী হৈ আছে। সোমবাৰে, ইলন মাস্কৰ মুঠ সম্পত্তি ৮.৬বিলিয়ন ডলাৰ হ্ৰাস পায়।

এই বছৰ ইলন মাস্কৰ সম্পত্তি ১০০ বিলিয়ন ডলাৰ হ্ৰাস পাইছে। প্ৰায় এবছৰ পূৰ্বে ইলন মাস্কৰ সম্পত্তি ৩৪০ বিলিয়ন ডলাৰ পাৰ কৰিছিল।

আৰু পঢ়ক: নগাঁৱত উত্তপ্ত পৰিস্থিতি! নৱজাতক সাল-সলনি কৰিলে নেকি চিকিৎসালয় কৰ্তৃপক্ষই?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in