নগাঁৱত উত্তপ্ত পৰিস্থিতি! নৱজাতক সাল-সলনি কৰিলে নেকি চিকিৎসালয় কৰ্তৃপক্ষই?

নগাঁৱৰ ম'হখুলি স্থিত মাতৃ ও শিশু স্বাস্থ্য চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি । পুনৰ নৱজাতক সলনি হোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰসূতিৰ আত্মীয়ই সৃষ্টি কৰিলে উপ্তত্ত পৰিস্থিতিৰ ৷
নগাঁৱত উত্তপ্ত পৰিস্থিতি! নৱজাতক সাল-সলনি কৰিলে নেকি চিকিৎসালয় কৰ্তৃপক্ষই?

ডিজিটেল সংবাদ,নগাঁও : নগাঁৱৰ ম'হখুলি স্থিত মাতৃ ও শিশু স্বাস্থ্য চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি । পুনৰ নৱজাতক সলনি হোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰসূতিৰ আত্মীয়ই সৃষ্টি কৰিলে উপ্তত্ত পৰিস্থিতিৰ ৷

অভিযোগ মতে মৰিগাঁও জিলাৰ বৰথল দুলাই গাঁৱৰ ইউচুফ আলীৰ পত্নী ৰুমেনা খাতুনক চিকিৎসালয়খনত ভৰ্তি কৰিছিল সোমবাৰে ৷ মঙলবাৰে প্ৰসূতিগৰাকীয়ে এটি মৃত সন্তান জন্ম দিয়া বুলি পৰিয়ালৰ লোকক অৱগত কৰে চিকিৎসালয় কৰ্তৃপক্ষই ৷

কিন্তু আত্মীয়ই দাবী কৰে যে প্ৰসূতিগৰাকীয়ে জীৱিত নৱজাতক জন্ম দিছে।পৰিয়ালৰ লোকে জীৱিত সন্তানৰ পৰিৱৰ্তে মৃত নৱজাতক দিয়া বুলি অভিযোগ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে ৷

ইফালে প্ৰসূতিগৰাকীৰ অস্ত্ৰোপ্ৰচাৰ কৰাৰ বাবদ নাৰ্ছে ধন বিচৰা বুলিও অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷ তদুপৰি সোমবাৰে প্ৰসৱ বেদনাত চটফটাই থকা প্ৰসূতিগৰাকীক চিকিৎসক অথবা চিকিৎসা কৰ্মীয়ে সময়মতে গুৰুত্ব নিদিয়াৰ অভিযোগ কৰে ৷

উত্তেজনাৰ পিছত পৰিয়ালটোয়ে নবজাতকৰ মৃতদেহটি চমজি লয় ৷ উল্লেখ্য যে - কিছুদিন পূৰ্বেও নগাঁৱৰ ম'হখুলি স্থিত মাতৃ ও শিশু স্বাস্থ্য চিকিৎসালয়ত নৱজাতক সলনিকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷

আৰু পঢ়ক: টকাৰ গছ!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in