বিদ্যুতৰ নাটনিঃ নিশা ৮ বজাতেই বন্ধ কৰিব লাগিব সকলো বজাৰ, ব্যৱসায়ীক প্ৰতিষ্ঠান...

বিদ্যুতৰ নাটনিঃ নিশা ৮ বজাতেই বন্ধ কৰিব লাগিব সকলো বজাৰ, ব্যৱসায়ীক প্ৰতিষ্ঠান...
বিদ্যুতৰ নাটনিঃ নিশা ৮ বজাতেই বন্ধ কৰিব লাগিব সকলো বজাৰ, ব্যৱসায়ীক প্ৰতিষ্ঠান...

ডিজিটেল ডেস্কঃ নিশা ৮ বজাৰ লগে লগে সকলো বজাৰ তথা ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ কৰিব লাগিব। বিদ্যুৎ ৰাহি কৰিবলৈ জাৰি কৰা হৈছে এই নিৰ্দেশনা। অৱশ্যে এই নিৰ্দেশনা অসম তথা ভাৰতত নহয়, এই নিৰ্দেশনা জাৰি কৰা হৈছে চুবুৰীয়া পাকিস্তানত।

দেশখনৰ পৰিকল্পনা মন্ত্ৰী আহছান ইকবালে জনাইছে যে, বিদ্যুতৰ খৰছ কমাবলৈ গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত। প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰিফৰ সৈতে বৈঠক অনুষ্ঠিত কৰাৰ পাছতে সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰা হৈছে।

উল্লেখ্য যে, বিদেশী মুদ্ৰাৰ অভাৱৰ বাবে বিদ্যুৎ ক্ৰয় কৰিবলৈ বৰ্তমান সময়ত অসমৰ্থ পাকিস্তান। তাৰোপৰি ব্যাহত হৈছে বিদ্যুৎ উৎপাদন। ফলত দেশজুৰি ব্যাপক বিদ্যুৎ সংকটে দেখা দিছে।  

এনে পৰিস্থিতিত বুধবাৰে প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰিফৰ সৈতে দেশখনৰ প্ৰাদেশিক মন্ত্ৰীসকল এক বৈঠকত মিলিত হয়। তাতেই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে নিশা ৮ বজাৰ পাছত সকলো বজাৰ তথা ব্যৱসায়ীক বন্ধ কৰিব লাগিব।

এই সন্দৰ্ভত কেন্দ্ৰ আৰু ৰাজ্য দুয়ো চৰকাৰে জাৰি কৰিছে নিৰ্দেশনা। পৰিকল্পনা মন্ত্ৰীগৰাকীৰ মতে এই পদক্ষেপ গ্ৰহণৰ ফলত বছৰে ১০০ কোটি ডলাৰ ৰাহি কৰিব পাৰিব পাকিস্তানে।

বিদেশৰ পৰা যাতে বিদ্যুৎ ক্ৰয় কৰাৰ ওপৰত ভৰসা কৰিবলগীয়া নহয় তাৰ বাবেও বিকল্প ব্যৱস্থাৰ সন্ধান কৰিছে পাকিস্তানে। বুধবাৰে মন্ত্ৰী আহছান ইকবালে জনাইছে যে,  সৌৰ বিদ্যুৎ আৰু জল বিদ্যুৎ উৎপাদনৰ পৰিকাঠামো তৈয়াৰ কৰা হৈছে।

উল্লেখ্য যে, বিদ্যুৎ ৰাহি কৰিবলৈ পূৰ্বেও পাক চৰকাৰে বহু এনে সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰী কাৰ্যালয়ত ব্যৱহাৰ কৰা বিদ্যুতৰ খৰছ বহু পৰিমাণে হ্ৰাস কৰা হৈছে। পূৰ্বৰ তুলনাত ৪০ শতাংশ কমকৈ পাক চৰকাৰৰ কাৰ্যালয়ত বিদ্যুৎ ব্যৱহাৰ হৈছে।

শীৰ্ষ বিষয়াসকলৰ ক্ষেত্ৰত শীত তাপ নিয়ন্ত্ৰিত যন্ত্ৰ বা বাহন ক্ৰয়ত নিষেধাজ্ঞা জাৰি কৰা হৈছে। প্ৰতি শুকুৰবাৰে বাধ্যতামূলক ভাৱে ৱৰ্ক ফ্ৰম হোমৰ ব্যৱস্থা কৰা হৈছে। নিশা ১০ বজাৰ ভিতৰত শেষ কৰিবলৈ কোৱা হৈছে বিয়াকে ধৰি বিভিন্ন অনুষ্ঠান।

তাৰ পাছতো দেশখনত অব্যাহত আছে বিদ্যুতৰ নাটনি। সেয়ে এতিয়া নিশা ৮ বজাতেই সকলো ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

বিদ্যুতৰ নাটনিঃ নিশা ৮ বজাতেই বন্ধ কৰিব লাগিব সকলো বজাৰ, ব্যৱসায়ীক প্ৰতিষ্ঠান...
চৰকাৰে দিয়া তথ্যতকৈ বহু বেছি লোক মৃত্যু হৈছিল ওড়িশাতঃ বিশ্বনাথৰ ৰূপকে দিলে সমগ্ৰ ঘটনাৰ বৰ্ণনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in