চৰকাৰে দিয়া তথ্যতকৈ বহু বেছি লোক মৃত্যু হৈছিল ওড়িশাতঃ বিশ্বনাথৰ ৰূপকে দিলে সমগ্ৰ ঘটনাৰ বৰ্ণনা...

চৰকাৰে দিয়া তথ্যতকৈ বহু বেছি লোক মৃত্যু হৈছিল ওড়িশাতঃ বিশ্বনাথৰ ৰূপকে দিলে সমগ্ৰ ঘটনাৰ বৰ্ণনা...

author-image
Asomiya Pratidin
New Update
চৰকাৰে দিয়া তথ্যতকৈ বহু বেছি লোক মৃত্যু হৈছিল ওড়িশাতঃ বিশ্বনাথৰ ৰূপকে দিলে সমগ্ৰ ঘটনাৰ বৰ্ণনা...

চৰকাৰে দিয়া তথ্যতকৈ বহু বেছি লোক মৃত্যু হৈছিল ওড়িশাতঃ বিশ্বনাথৰ ৰূপকে দিলে সমগ্ৰ ঘটনাৰ বৰ্ণনা...

ডিজিটেল সংবাদ বিশ্বনাথঃ ওড়িশাৰ বালাছোৰত সংঘটিত হোৱা ৰে'ল দুৰ্ঘটনাত আহত হোৱা বিশ্বনাথৰ যুৱক ৰূপক দাস অৱশেষত সুস্হ শৰীৰেৰে বুধবাৰে নিশা নিজ গৃহত উপস্হিত হ'ল। ৰে'ল দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছৰে পৰা দিনে নিশাই দুঃচিন্তাই জুৰুলা কৰা ঘৰখনত আহি ৰূপদ দাস উপস্থিত হোৱাৰ পাছতে এক আৱেগিক পৰিৱেশৰ সৃষ্টি হয়।

Advertisment

উল্লেখ্য, যোৱা ২ জুনত ওড়িশাৰ বালাছোৰত সংঘটিত ৰে'ল দুৰ্ঘটনাত আহত ১০০০ ৰো অধিক লোকৰ মাজৰ অন্যতম আছিল ৰূপক দাস। ৰূপক দাসৰ ঘৰ বিশ্বনাথৰ উত্তৰ মৰল গাঁৱত।

সৌভাগ্য ক্ৰমে সেই ৰে'ল দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰিছিল ৰূপক দাসৰ। কিন্তু সামান্য পৰিমানে আঘাত প্ৰাপ্ত হৈ ওড়িশাতে চিকিৎসাধীন হৈ আছিল ৰূপক। আহত ৰূপক দাসক অসম চৰকাৰে ওড়িশাতে উন্নত চিকিৎসা প্ৰদান কৰাৰ লগতে নিজ গৃহলৈ উভতি অহাৰ ব্যৱস্থা কৰে।

ফলত বুধবাৰে নিশা সুস্হ শৰীৰৰে ৰূপক দাস উপস্হিত হয়হি নিজ গৃহত। ইয়াৰ লগে লগে ৰূপক দাসৰ পিতৃ,মাতৃ, পত্নীকে ঘৰি সকলোৰে আৱেগত চকুলো নিগৰে। ৰূপকৰ পিতৃ আৰু মাতৃয়ে সুস্থ অৱস্থাৰে পুত্ৰ আহি স্বগৃহত উপস্থিত হোৱাত আনন্দ প্ৰকাশ কৰে।

আনহাতে ৰূপকে সকলোৰে আগত সেই ভয়াৱহ সময়খিনিৰ বৰ্ণনাও কৰে। তেওঁ কয়, চৰকাৰে প্ৰকাশ কৰা যাত্ৰীৰ মৃত্যুৰ সংখ্যাতকৈ বহু বেছি লোক এই দুৰ্ঘটনাত মৃত্যু হৈছে। বহু মৃতদেহ চিনাক্ত কৰিব পৰা অৱস্থাত নাই।

কাৰোবাৰ যদি মূৰ নাই আন কাৰোবাৰ দেহৰ আন অংশ নাই। কেৱল তেওঁলোকে অহা ৰে'লৰ ডবাটোতেই আছিল ১৫০ লোক। এই ১৫০ লোকৰ ভিতৰত তেওঁৰ সৈতে মাত্ৰ ৩ জনৰহে প্ৰাণ ৰক্ষা পৰিছে।

ডবাটোৰ পৰা আন যাত্ৰীসকল বাহিৰলৈ আহিব নাপাওতেই আন এটা ডবাই আহি হেঁচা মাৰি ধৰে। হাস্পতালৰ অভাৱত স্কুল, বিবাহ ভৱনতো যাত্ৰীক ৰাখি চিকিৎসা প্ৰদান কৰা হৈছে।

ইফালে সুস্থ শৰীৰেৰে ৰূপক স্বগৃহত উপস্থিত হোৱাৰ পাছতে অসমলৈ তেওঁক ঘূৰাই অনাৰ ক্ষেত্ৰত অসম বাসীৰ আশীৰ্বাদ, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, স্থানীয় বিধায়ক, বন্ধুকে ধৰি সকলোকে ধন্যবাদ জ্ঞাপন কৰে। আনহাতে ওড়িশাত থকা ওড়িশালৈ বিয়া হোৱা গোলাঘাটৰ প্ৰিয়ংকা গগৈ নামৰ এগৰাকী অসমীয়া মহিলায়ো তেওঁক যথেষ্ট সহায় কৰাৰ কথাও উল্লেখ কৰে।

Also Read: ৰয়েল গ্ল'বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত...

বিশ্বনাথ ৰে'ল দুৰ্ঘটনা