ভূঁইকপৰ জোকাৰণি; হ'ব নেকি চুনামি...

ভূঁইকপৰ জোকাৰণি; হ'ব নেকি চুনামি...

ডিজিটেল ডেস্কঃ চলিত বৰ্ষত সমগ্ৰ বিশ্বই সন্মুখীন হৈছে সৰু-বৰ ভূঁইকপৰ। বিগত দুই-তিনি মাহত ভাৰতেও সন্মুখীন হৈছে ৬ৰ পৰা ৭টাকৈ সৰু-বৰ ভূঁইকপৰ। এই ভূঁইকপসমূহৰ উৎপত্তিৰ থললৈ লক্ষ কৰিলে ভয়ানক বিপদৰ উমান পোৱা যায়।

নেপাল, আফগানিস্থান, ভূটান আদি দেশসমূহৰ লগতে ভাৰতৰ উত্তৰাখণ্ড, মহাৰাষ্ট্ৰ, ৰাজস্থান, অসমকে ধৰি বহু ঠাইক জোকাৰি গৈছে ভূঁইকপে । এই ভূঁইকপে বিশেষ ক্ষতিসাধন নকৰিলেও সঘনাই দেখা দিয়াৰ বাবে বিপদৰ উমান পাইছে বিজ্ঞানীসকলে। সেয়ে এইক্ষেত্ৰত জৰীপ চলাই তথ্য উদ্ঘাটনৰ বাবে নামি পৰিছে বিশেষজ্ঞ।

আনহাতে দেওবাৰৰ দিনটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলাস্কাত দেখা গ'ল ৭.৪ প্ৰাবল্যৰ ভূমিকম্প। ইয়াৰ পাছতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক বিভাগে জৰীপ চলাই সতৰ্কবাণী জাৰি কৰিছে । আলাস্কা উপদ্বীপ অঞ্চলত দেখা দিয়া ৭.৪ প্ৰাবল্যৰ ভূঁইকপটোৰ গভীৰতা আছিল ৯.৩ কি:মি:। যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক বিভাগে জাৰি কৰা সতৰ্কবাণী অনুসৰি এয়া চুনামিৰ লক্ষণ।

ভূঁইকপৰ জোকাৰণি; হ'ব নেকি চুনামি...
বছৰৰ প্ৰথমটো বানত প্লাৱিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in