বছৰৰ প্ৰথমটো বানত প্লাৱিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান...

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ দক্ষিণ দুয়োটা পাৰত বৃদ্ধি হৈছে বাঢ়নী পানী

author-image
Asomiya Pratidin
New Update
বছৰৰ প্ৰথমটো বানত প্লাৱিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান...

ডিজিটেল সংবাদ, কাজিৰঙাঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ-দক্ষিণ দুয়োটা পাৰত বৃদ্ধি পাইছে বাঢ়নীপানী ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষৰ সূত্ৰ মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ বনাঞ্চলৰ প্ৰায় ৫৮টা বন শিবিৰ এলেকা প্লাৱিত কৰিছে। ইয়াৰে অগৰাতলি বনাঞ্চলত সৰ্বাধিক ২৬ টা বনশিবিৰ এলেকা প্লাৱিত হৈছে বানত।

Advertisment

তদুপৰি বোকাখাত বনাঞ্চলত ৫টা, কহঁৰা বনাঞ্চলত ৭টা, বাগৰি বনাঞ্চলত ৬টা, উত্তৰ পাৰত ৬টা, বুঢ়াপাহাৰ বনাঞ্চলত ৬টা আৰু নগাঁও ৱাইল্ডলাইফ ডিভিজনত ২টা বন শিবিৰ এলেকা বৰ্তমান জলমগ্ন। আনহাতে ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া এলেকাসমূহ প্লাৱিত হোৱাৰ বাবে বন্যজন্তুবোৰেও উদ্যানখনৰ ওখ স্থানত আশ্ৰয় লৈছে৷

কিছু সংখ্যক হৰিণা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰলৈ গতি কৰিছে যদিও ডাঙৰ জন্তুসমূহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰতে থকাৰ কথা প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ উল্লেখ্য যে, ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই উদ্যানৰ উত্তৰপাৰৰ বিশ্বনাথৰ দিশত বানৰ বাবে ওলাই যোৱা হৰিণ কুকুৰৰ আক্ৰমণৰ বলি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি জনসজাগতাৰ ব্যৱস্থা লৈছে ।

বানৰ সময়চোৱাত কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অধিক গুৰুত্ব প্ৰদান কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি তৎকালীন ভাবে চেনঞ্চৰ কেমেৰাসমূহ পৰীক্ষা কৰি কাৰ্যক্ষম কৰি তোলা হৈছে ৷

Also Read: ৰক্ষকেই ভক্ষক ! পবিতৰাত বন-বিষয়াই গছ কটাক লৈ সৰব বীৰ লাচিত সেনা...

kaziranga national park