চীনত ৭.২ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি, দিল্লীতো অনুভৱ কম্পন

 ভূমিকম্প...
ভূমিকম্প...

ডিজিটেল ডেস্কঃ পুনৰ ভূমিকম্পৰ জোকাৰণি। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী আৰু ইয়াৰ আশে-পাশে ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছে। ভূমিকম্পৰ কেন্দ্ৰবিন্দু হৈছে চীনৰ দক্ষিণ জিনজিয়াং। ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য ৭.২ বুলি জানিব পৰা গৈছে। এই ভূমিকম্পটো সোমবাৰে নিশা ১১:৩৯ মিনিটত সংঘটিত হৈছিল। ইয়াৰ কেন্দ্ৰ মাটিৰ ৮০ কিলোমিটাৰ ভিতৰত বুলি জানিব পৰা গৈছে।

ভূতাত্ত্বিকসকলে ভূমিকম্পৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ কিছু অংশক ভূমিকম্পৰ অঞ্চলত বিভক্ত কৰিছে। আটাইতকৈ কম বিপদাশংকাটো জোন ২ ত আৰু জোন ৫ ত সৰ্বাধিক। দিল্লী জোন ৪-ত আছে, য'ত ৰিখটাৰ স্কেলত ৬ প্ৰাবল্যতকৈ অধিক ভূমিকম্পই প্ৰচুৰ ধ্বংসৰ সৃষ্টি কৰিব পাৰে। অৱশ্যে কালিৰ নিশাৰ ভূমিকম্পৰ অভিকেন্দ্ৰ যিহেতু চীন, সেয়ে দিল্লীত বিশেষ ক্ষতি হোৱা নাই।

আনহাতে চীনত এই ভূমিকম্পৰ ফলত কিবা ক্ষয়-ভতি হৈছে নে নাই এতিয়ালৈকে জানিব পৰা হোৱা নাই।

 ভূমিকম্প...
কেবিনেট বৈঠকত সিদ্ধান্ত : গহপুৰত স্থাপন হ'ব ছহিদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in