কেবিনেট বৈঠকত সিদ্ধান্ত : গহপুৰত স্থাপন হ'ব ছহিদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়

কেবিনেট বৈঠকত সিদ্ধান্ত : গহপুৰত স্থাপন হ'ব ছহিদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়

প্ৰাদেশিককৃত মহাবিদ্যালয়সমূহৰ সহকাৰী অধ্যাপকসকলৰ পদোন্নতিৰ বিষয়ে বিস্তৃত আলোচনা কৰা হয়। সকলো মন্ত্রী ২২ ফেব্রুৱাৰীত যাব অযোধ্যালৈ

ডিজিটেল ডেস্ক : সোমবাৰে অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৰাজ্যিক কেবিনেট সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বিষয়ে জানিবলৈ দিয়ে।

মন্ত্ৰী বৰুৱাই উল্লেখ কৰামতে অসম কেবিনেটৰ সকলো মন্ত্রী ২২ ফেব্রুৱাৰীত যাব অযোধ্যালৈ। বৈঠকত ছহিদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় গহপুৰত স্থাপনৰ সিদ্ধান্ত কৰা কথা উল্লেখ কৰে। আনহাতে প্ৰাদেশিককৃত মহাবিদ্যালয়সমূহৰ সহকাৰী অধ্যাপকসকলৰ পদোন্নতিৰ বিষয়ে বিস্তৃত আলোচনা কৰা হয়।

ইয়াৰোপৰি চৰকাৰী চাকৰিৰ নিযুক্তিৰ ক্ষেত্রত নতুন অধিসূচনা জাৰি কৰা হ'ব, পৰীক্ষাৰ খেলিমেলি ৰোধত এই আইনে সহায় কৰিব বুলি সংবাদমেলত উল্লেখ কৰে। যোগ্যতা সম্পন্ন সহকাৰী অধ্যাপকক পদোন্নিতৰ সিদ্ধান্ত গ্রহণ কৰাৰ কথাও জানিবলৈ দিয়ে।

ইফালে মিছন বসুন্ধৰাৰ জৰিয়তে ২,২৯,৬৫৯ লোকক ভূমি পট্টা প্রদান সম্পন্ন কৰাৰ কথাও সংবাদমেলত ব্যক্ত কৰে। ইয়াৰে ৮৪ শতাংশ লোক হৈছে এছ টি,এছ চি আৰু অ' বি চিৰ লোক।

কেবিনেট বৈঠকত সিদ্ধান্ত : গহপুৰত স্থাপন হ'ব ছহিদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়
শিলচৰত বুজন পৰিমানৰ হেৰ'ইন জব্দ : দুজনক গ্ৰেপ্তাৰ
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in